বিশ্বনাথত ৰাইজে কৰায়ত্ত কৰিলে এটা গভাইত চোৰক

'এশ গৰু মাৰিলে বাঘৰো মৰণ'। এই কথাষাৰে প্ৰমাণ হল জয় কিশোৰ নামৰ এটা গভাইত চোৰৰ ক্ষেত্ৰত। এই চোৰটোয়ে চাফাই অভিযানৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বিশ্বনাথত।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-05 at 9.10.01 AM

ডিজিটেল সংবাদ, বিশ্বনাথঃ 'এশ গৰু মাৰিলে বাঘৰো মৰণ'। এই কথাষাৰে প্ৰমাণ হল জয় কিশোৰ নামৰ এটা গভাইত চোৰৰ ক্ষেত্ৰত। এই চোৰটোয়ে চাফাই অভিযানৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বিশ্বনাথত।

বুধবাৰে নিশাও জয় কিশোৰে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ তলা ভাঙি প্ৰৱেশ কৰিছিল বিশ্বনাথৰ সুন্দৰপুৰৰ গাঁৱৰ ছাহিল আলি নামৰ লোকজনৰ ঘৰত। ঘৰ খনত চুৰি কাৰ্য চলাই থাকোতেই গম পালে কাষৰ মানুহে। লগে লগে চুবুৰিয়াই ঘৰ ঘেৰাও কৰি চোৰটোক ধৰিবলৈ যাওঁতেই চোৰ জয় কিশোৰে আক্ৰমণ চলালে স্থানীয় লোকক।

ইফালে চোৰক ধৰিবলৈ অহা এজন লোকৰ হাতত কামুৰি সম্পূৰ্ণ দাঁত বহুয়াই দিয়ে। তথাপিও স্থানীয় লোকে চোৰটোক ধৰি বান্ধি খবৰ দিলে বিশ্বনাথ আৰক্ষীক। চোৰৰ হাতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে এখন দা আৰু কেইবাটাও চাবি।

ইতিমধ্যে আৰক্ষীয়ে  চোৰটোক থানালৈ লৈ যায় আৰু অধিক সোধা-পোছা অব্যাহত ৰাখিছে। আনহাতে বুধবাৰেও বিশ্বনাথৰ লেহুগাঁৱত এগৰাকী মহিলাই এজন লোকৰ ঘৰৰ পৰা সোণৰ গহনা চোৰ কৰি বিক্ৰী কৰাৰ খবৰ লাভ কৰাত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় মহিলাগৰাকীক। সম্প্ৰতি বিশ্বনাথ আৰক্ষীয়ে ধৃত মহিলা গৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

বিশ্বনাথ আৰক্ষী বিশ্বনাথ