মঙলদৈ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন গভাইত চোৰৰ

মঙলদৈ আৰক্ষীৰ জিম্মাৰ পৰা সোমবাৰে পলায়ন কৰে এটা গভাইত চোৰে। আদালতত হাজিৰ কৰিব নিয়া সময়তে সুবিধা বুজি পলায়ন কৰে গভাইট চোৰ ৰাহুল হুছেইনে।

author-image
Asomiya Pratidin
New Update
hghrterrtewrwesfddsfdfdfswdfrqwer

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ আৰক্ষীৰ জিম্মাৰ পৰা সোমবাৰে পলায়ন কৰে এটা গভাইত চোৰে। আদালতত হাজিৰ কৰিব নিয়া সময়তে সুবিধা বুজি পলায়ন কৰে গভাইট চোৰ ৰাহুল হুছেইনে। মঙলদৈত বহু পৰিমাণৰ চুৰি সামগ্ৰীসহ দুই চোৰক মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

মঙলদৈৰ ৰঙামাটি দীননাথ চহৰীয়া হাইস্কুলত কেইদিনমান পূৰ্বে কম্পিউটাৰ, প্ৰিন্টাৰ সহ বহু ইলেক্ট্ৰনিক সামগ্ৰী চোৰ হৈছিল।
মঙলদৈ সদৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি উক্ত কম্পিউটাৰৰ চুৰি সামগ্ৰী সহ ৰঙামাটিৰ ৰাহুল হুছেইন আৰু একে গাঁৱৰে আক্ৰাম হুছেইনক আটক কৰিবলৈ সক্ষম হৈছিল। কিন্তু আজি মঙলদৈ আৰক্ষীৰ জিম্মাৰ পৰা  পলায়ন কৰে ৰাহুল হুছেইন নামৰ গভাইত চোৰটোৱে।

মঙলদৈ