গহপুৰত গৰুভৰ্তি বাহনসহ চোৰক আটক

গৰু ভৰ্তি বাহন আৰু গৰু চোৰক লৈ দেওবাৰে পুৱাৰ ভাগত গহপুৰ সমজিলাৰ বামুনগাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। উল্লেখ্য যে গহপুৰ সমজিলাৰ বিভিন্ন প্ৰান্তত গৰু চোৰে ধাৰাবাহিকভাৱে গৰু চোৰ কৰি চলাই আছে সন্ত্ৰাস।

author-image
Asomiya Pratidin
New Update
goru

ডিজিটেল সংবাদ, গহপুৰ : গৰু ভৰ্তি বাহন আৰু গৰু চোৰক লৈ দেওবাৰে পুৱাৰ ভাগত গহপুৰ সমজিলাৰ বামুনগাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। উল্লেখ্য যে গহপুৰ সমজিলাৰ বিভিন্ন প্ৰান্তত গৰু চোৰে ধাৰাবাহিকভাৱে গৰু চোৰ কৰি চলাই আছে সন্ত্ৰাস। 

গৰু চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে দেওবাৰে পুৱতি নিশা গৰু ভৰ্তি বাহনসহ গৰু চুৰ ধৰা পৰিল বামুনগাঁৱৰ ৰাইজৰ হাতত।  গহপুৰ সমজিলাৰ পুৱ প্ৰান্তৰ ডিফলুসত্ৰৰ সমীপৰ বামুনগাঁৱত দেওবাৰে পুৱতি নিশা গৰু ভৰ্তি বলেৰো পিক আপ ভান সহ দুটা চোৰক স্থানীয় ৰাইজে হাতে লোতে ধৰিবলৈ সক্ষম হয়।

গৰু চুৰৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰা ক্ষোভিত ৰাইজে তিনিটাকৈ গৰু চোৰক আবদ্ধ কৰি উত্তম মধ্যম দিয়ে যদিও এটা চোৰ ঘটনা স্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। ৰাইজৰ হাতত আবদ্ধ হোৱা  গৰু চোৰ দুটাক আৰক্ষীৰ জিম্মালৈ নিবলৈ হাৱাজান আৰক্ষী চকীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

ক্ষোভিত ৰাইজে গৰু ভৰ্তি বাহনখনৰ অনিষ্ট সাধন কৰাৰ লগতে আৰক্ষীয়ে গৰু চোৰক ৰক্ষণা বেক্ষন দিয়াৰ অভিযোগ তুলি আৰক্ষীৰ লগতো খণ্ডযুদ্ধত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হয়। গৰু চুৰিৰে ৰাইজক সন্ত্ৰাসিত কৰি থকা দুষ্কৃতিকাৰীক কঠোৰতম শাস্তি প্ৰদানৰ ক্ষেত্ৰত আৰক্ষী কি কাৰণে ব্যৰ্থ হৈছে তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিলে ক্ষোভিত ৰাইজে।  

gohpur