চোৰৰ সন্ত্ৰাসত দেৱতাৰো লটিঘটি : মন্দিৰৰ তলা ভাঙি লৈ গ'ল ডেৰ লাখ টকা

চোৰৰ উপদ্ৰৱত এতিয়া গভীৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে গহপুৰৰ ৰাইজ। দিন-ৰাতি বুলি কোনো কথা নাই।গহপুৰত এতিয়া যিকোনো সময়ত যিকোনো স্থানত সংঘটিত হ'বলৈ ধৰিছে চুৰি কাৰ্য্য।

author-image
Asomiya Pratidin
New Update
349

ডিজিটেল সংবাদ, গহপুৰ : গহপুৰ সমজিলাৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ থকা চুৰি কাৰ্যই অতিষ্ঠ কৰি তুলিছে ৰাইজক। চোৰৰ বিৰুদ্ধে সফল অভিযান চলোৱাত আৰক্ষী ব্যৰ্থ হোৱাৰ বাবেই ধাৰাবাহিকভাৱে সংঘটিত হ'বলৈ লৈছে চুৰি কাৰ্য্য।

চোৰৰ উপদ্ৰৱত এতিয়া গভীৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে গহপুৰৰ ৰাইজ। দিন-ৰাতি বুলি কোনো কথা নাই।গহপুৰত এতিয়া যিকোনো সময়ত যিকোনো স্থানত সংঘটিত হ'বলৈ ধৰিছে চুৰি কাৰ্য্য।

গহপুৰ সমজিলাৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ এলেকাধীন বৰঙাবাৰীৰ তেলিয়াচুকত থকা পৌৰাণিক শিৱ মন্দিৰ ভাগৰ তলা ভাঙি যোৱা নিশা চাফাই অভিযান চলাই এটা চুৰি চক্ৰই। জানিব পৰা মতে-মন্দিৰ ভাগৰ দুটা দান পাত্ৰ ভাঙি সমুদায় ধন লৈ যায় চুৰি চক্ৰটোৱে।

ইয়াৰে এটা দান পাত্ৰ যোৱা প্ৰায় দহ বছৰ ধৰি খোলা হোৱা নাছিল। এই দান পাত্ৰটোত থকা অনুমায়িক প্ৰায় ডেৰ লক্ষাধিক টকা চুৰি চক্ৰটোৱে লৈ যোৱা বুলি মন্দিৰ পৰিচালনা সমিতিয়ে প্ৰকাশ কৰিছে।

আনটো দান পাত্ৰত থকা কিছু নগদ ধন লৈ যায় যদিও খুচুৰা পইচাসমূহ এৰি থৈ যায় বুলি জানিব পৰা গৈছে। এই দান পাত্ৰটো প্ৰতি বছৰে খোলা হয় বাবে ইয়াত বিশেষ জমা ধন নাছিল বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিছে।

তদুপৰি চুৰি চক্ৰটোৱে বহু পৰিমাণৰ সোণ-ৰূপৰ ফুলি আৰু অলংকাৰ লৈ যায়। ঘটনাৰ খবৰ পোৱাৰ পিছত শুকুৰবাৰে পুৱা ঘাঁহিগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল শিৱ মন্দিৰটোত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে অনুসন্ধান আৰম্ভ কৰে।

উল্লেখযোগ্য যে, অসমৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ তথা নামঘৰত প্ৰায়েই চুৰিকাৰ্য সংঘটিত হৈ আহিছে। এনে পৰিপ্ৰেক্ষিত ৰাজ্য চৰকাৰে মঠ- মন্দিৰসমূহৰ চুৰিকাৰ্য ৰোধ কৰাৰ বাবে কেতবোৰ চিন্তা- চৰ্চা কৰিব পাৰে। যদিহে চৰকাৰে মঠ- মন্দিৰসমূহত চৰকাৰীভাৱে কেমেৰাৰ ব্যৱস্থা কৰে, তেন্তে এনে কাৰ্য ৰোধ কৰাৰ অৱকাশ থাকিব।

gohpur