/asomiyapratidin/media/media_files/2025/11/02/1-2025-11-02-22-44-32.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ দেওবাৰে ধেমাজি চাৰি আলিৰ প্ৰাংগনত সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থা আৰু সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত এখনি সংবাদমেল অনুষ্ঠিত হয় ৷
অসমৰ বিভিন্ন স্থানত কৰ্মৰত গৃহৰক্ষী লোকসকলৰ লগতে ধেমাজি জিলাখনৰ ৩৬০ গৰাকী গৃহৰক্ষী কৰ্মীক সংস্থাপন নকৰা পৰ্যন্ত অসম গৃহৰক্ষী বাহিনীত নতুনকৈ চৰকাৰে ৫ হেজাৰ গৃহৰক্ষী কৰ্মীক প্ৰশিক্ষণ দিব বিচৰা কাৰ্য্য শীঘ্ৰেই বন্ধ কৰাৰ দাবী জনাই সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই।
সংবাদ মেলত কয় যে, গৃহৰক্ষী কৰ্মীসকলে বছৰ বছৰ ধৰি তেওঁলোকে কৰি থকা প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী পদ সমূহ চৰকাৰে আজি পৰ্যন্ত নিয়মীয়াকৰণ অথবা সংস্থাপিত কৰা নাই ৷ ইফালে দীঘ দিন ধৰি সংন্থাই তেওঁলোকৰ পদ সমূহ সংস্হাপিত অথবা নিয়মীয়াকৰণ কৰিবলৈ দাবী জনাই আহিছে।
যদিও আজি পৰ্যন্ত কোনো চৰকাৰে বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে সন্থাৰ জিলাৰ সভাপতি গৰাকীয়ে ৷ ধেমাজি জিলাখনৰ মুঠ ৩৬০ গৰাকী গৃহৰক্ষী কৰ্মীৰ ভিতৰত ২৬০ গৰাকীয়ে কেৱল আংশিকভাবে কাম কৰিবলৈ সুবিধা পোৱাৰ বিপৰীতে ১০০ গৰাকীয়ে একেবাৰে সংস্থাপিত হোৱাৰে পৰা বঞ্চিত হৈ থাকিব লগীয়া হৈছে বুলি সন্থাৰ জিলাৰ সভাপতি গৰাকীয়ে অৱগত কৰে ৷
উৰ্দ্ধতম কৰ্তৃপক্ষই খেনোক দেখি ৰান্ধে বাঢ়ে ,খেনোক দেখি দুৱাৰ বান্ধে প্ৰক্ৰিয়াটোৰ বাবেই কৰ্মৰত বহু লোকেই বছৰটোৰ মাত্ৰ ৬ টা মাহে কাম কৰিবলৈ সুবিধা পায় , আন ৬ টা মাহে কৰ্মৰ পৰা বঞ্চিত হৈ থাকিব লগীয়া হয় ৷ চৰকাৰে পদ সমূহ নিয়মীয়াকৰণ কৰাটোৰ দূৰৰে কথা বৰ্তমানে প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সকলৰে এনে দুৰৱস্থা হ'ব লগা হৈছে ৷
আনফালে গৃহৰক্ষী কৰ্মীসকলে দিনে ৰাতিয়েই অনবৰতেই কৰ্তব্য কৰি থাকিব লগীয়া হয় যদিও সময়মতে পাৰিতোষিকখিনি নোপোৱাৰ বাবেই গৃহৰক্ষী বাহিনীৰ কৰ্মীসকলৰ পৰিয়াল সমূহৰ অৱস্থা হাহাঁকাৰ হৈ পৰিছে৷ সংবাদমেলত ক্ষোভ প্ৰকাশ কৰি গৃহৰক্ষী কৰ্মীসকলে তেওঁলোকৰ পদ সমূহ শীঘ্ৰেই নিয়মীয়াকৰণ অথবা সংস্থাপিত নকৰা পৰ্যন্ত চৰকাৰক আৰু অত্যাধিক ৫ হেজাৰ নতুনকৈ প্ৰশিক্ষণ দিয়া ব্যৱস্থা নকৰিবলৈ দাবী জনাইছে ৷
অন্যথা গৃহৰক্ষী কৰ্মী সকলে গৃহৰক্ষী সন্থাৰ উদ্যোগত আগন্তুক দিনত ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে অহা ২০২৬ বৰ্ষৰ বিধান সভাৰ নিৰ্বাচন বৰ্জন কৰা হ'ব বুলি সংবাদমেল যোগে সক্ৰিয়াই দিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us