/asomiyapratidin/media/media_files/2025/11/28/ujjjdd-2025-11-28-19-42-38.jpg)
ডিজিটেল ডেস্কঃ আপুনি সদায়েই ব্যৱহাৰ কৰি থকা ফোনটোও কেতিয়াবা হৈ পৰিব পাৰে বোমা। যদিহে আপুনি এই ৪টা ভুল কৰে। তলত উল্লেখিত এই চাৰিটা ভুল যদি আপুনিও স্মাৰ্ট ফোন ব্যৱহাৰকাৰী হিচাপে কৰে, তেন্তে আপুনিও এই বোমাৰ পৰা সাৰি যাব নোৱাৰে। কি এই চাৰিটা ভুল, জানো আহক।
আপোনাৰ ফোনটো তাপমাত্ৰা বজাই ৰাখকঃ আপোনাৰ ফোনক কেতিয়াও প্ৰত্যক্ষ সূৰ্য্যৰ পোহৰ বা উচ্চ তাপমাত্ৰাৰ পৰিৱেশত বেছি সময় নাৰাখিব। ইয়াৰ ফলত আপোনাৰ ফোনটোৰ বেটাৰীৰ ৰাসায়নিক বিক্ৰিয়াত ব্যাঘাত জন্মিব পাৰে আৰু ইয়াৰ বিস্ফোৰণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। গতিকে আপোনাৰ ফোনটো সদায় প্ৰত্যক্ষ সূৰ্যৰ পোহৰ আৰু গৰমৰ উৎসৰ পৰা আঁতৰত ৰাখক।
চাৰ্জিং কৰাৰ সময়ত ব্যৱহাৰ কৰা - বহুতে চাৰ্জিং কৰাৰ সময়ত নিজৰ ফোন ব্যৱহাৰ কৰে। গেমিং, কলিং বা ষ্ট্ৰীমিং কৰাৰ সময়ত তেওঁলোকে প্ৰায়ে নিজৰ ফোন চাৰ্জ কৰি থৈ যায়। চাৰ্জ কৰিলে ফোনত তাপ উৎপন্ন হয়। চাৰ্জিং কৰাৰ সময়ত ইয়াক ব্যৱহাৰ কৰিলেও প্ৰচেছৰ আৰু বেটাৰীত জোৰ পৰে, যাৰ ফলত ফোনটো অতিমাত্ৰা গৰম হয়। যদি ফোনটো দীৰ্ঘ সময়ৰ বাবে অতিমাত্ৰা গৰম হয় তেন্তে বেটাৰী বিস্ফোৰণৰ আশংকা বৃদ্ধি পায়।
অন্য ফোনৰ চাৰ্জাৰ ব্যৱহাৰ কৰা - কেতিয়াবা খৰখেদা বা অসাৱধানতাৰ বাবে মানুহে অন্য ফোনৰ চাৰ্জাৰ বা চাৰ্জিং কেবল ক্ৰয় কৰি ফোন চাৰ্জ কৰিবলৈ ব্যৱহাৰ কৰে। এইটো বিপদজনক হ’ব পাৰে। এনে চাৰ্জাৰ বা কেবলে ফোনটো অতিমাত্ৰা চাৰ্জ বা অতিমাত্ৰা গৰম কৰিব পাৰে, যাৰ ফলত ফোনটোৰ ভিতৰৰ উপাদানৰ লগতে বেটাৰীও ক্ষতিগ্ৰস্ত হ’ব পাৰে।
চফটৱেৰ আপডেট নকৰা - বহুতে নিজৰ ফোনটোৰ চফটৱেৰ দীৰ্ঘ সময়ৰ বাবে আপডেট নকৰে। ইয়াৰ ফলত ফোনটোৰ পৰিৱেশন ধীৰ হয় আৰু অতি উত্তাপৰ দৰে সমস্যাসমূহে দেখা দিয়ে।
গতিকে এই চাৰিটা ফোন আপুনি স্মাৰ্ট ফোনটোৰ ক্ষেত্ৰত নকৰিব। যদিহে কৰে আপুনিও অবাঞ্চিত পৰিৱেশৰ সন্মুখীন হ'ব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us