/asomiyapratidin/media/media_files/2025/08/21/ujjjj-2025-08-21-12-03-41.jpg)
ডিজিটেল ডেস্কঃ যোৱা ৫বছৰত সৰ্বাধিক কোন কোন দেশৰ পৰা ভাৰতলৈ আহিছে পৰ্যটক। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সদৰি কৰিছে কিছু তথ্য। ভাৰত চৰকাৰে তথ্য প্ৰকাশ কৰি দেখুৱাইছে যে আমেৰিকা, বাংলাদেশ, ব্ৰিটেইন, অষ্ট্ৰেলিয়া আৰু কানাডা দেশৰ পৰা সৰ্বাধিক পৰ্যটক আহিছে ভাৰতলৈ।
কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে লোকসভাত এফটিএ সম্পৰ্কীয় প্ৰশ্নৰ লিখিত উত্তৰত এটা পৰিসংখ্যা দাখিল কৰে। চৰকাৰী তথ্য অনুসৰি ২০২৪ চনত ভাৰতে ৯৯.৫২ লাখ এফটিএ ৰেকৰ্ড কৰিছিল। ভাৰতীয় সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি বিগত পাঁচ বছৰৰ ভিতৰত ভাৰতত এফটিএৰ শীৰ্ষ দহটা উৎস বজাৰৰ বিষয়ে মন্ত্ৰীগৰাকীক অধিক প্ৰশ্ন কৰা হৈছিল। ইয়াৰ উত্তৰত শ্বেখাৱাটে যোৱা পাঁচ বছৰৰ ভিতৰত (২০২০-২০২৪) এফটিএৰ বাবে শীৰ্ষ ১০ খন উৎস ৰাষ্ট্ৰৰ সূচীভুক্ত তথ্য দেখুৱাইছিল।
ভাৰতত এই সময়সীমাৰ ভিতৰত এফটিএৰ বাবে শীৰ্ষ ১০খন দেশ হ’ল আমেৰিকা, অষ্ট্ৰেলিয়া, বাংলাদেশ, ব্ৰিটেইন, কানাডা, মালয়েছিয়া, শ্ৰীলংকা, জাৰ্মানী, ফ্ৰান্স আৰু ছিংগাপুৰ বুলি তথ্যত নিশ্চিত কৰা হৈছে। ২০২০ চনত ২৭.৪৫ লাখ, ২০২১ চনত ১৫.২৭ লাখ, ২০২২ চনত ৬৪.৩৭ লাখ, ২০২৩ চনত ৯৫.২১ লাখ আৰু ২০২৪ চনত ৯৯.৫২ লাখ ২০২১ চনত লাখ, ২০২২ চনত ১৪৩.৩০ লাখ, ২০২৩ চনত ১৮৮.৯৯ লাখ আৰু ২০২৪ চনত ২০৫.৬৯ লাখ।
ইফালে ২০২০ আৰু ২০২৩ চনত ভাৰতত এফটিএৰ বাবে বাংলাদেশ শীৰ্ষ উৎসৰ বজাৰ হোৱাৰ বিপৰীতে ২০২১, ২০২২ আৰু ২০২৪ চনৰ বাবে আমেৰিকাই শীৰ্ষস্থান দখল কৰে। ইয়াৰ উপৰিও ভাৰতৰ এফটিএৰ বাবে শীৰ্ষ পাঁচখন উৎস দেশৰ তালিকাত অহা আন তিনিখন দেশ হ’ল ব্ৰিটেইন, অষ্ট্ৰেলিয়া আৰু কানাডা।