/asomiyapratidin/media/media_files/2025/12/03/393-2025-12-03-12-14-15.jpg)
ডিজিটেল ডেস্ক : পিকনিকৰ বতৰত প্ৰশাসনে জাৰি কৰে এছ অ’ পি। এইবাৰো ৰাইজ সাজু হৈছে পিকনিক লৈ যাবলৈ। দুই- একে ইতিমধ্যে বনভোজৰ আমেজ লৈছে। জিলাই জিলাই জাৰি কৰা হৈছে এছ অ’ পি। শিৱসাগৰ আৰক্ষী প্ৰশাসনে ৭টা নিয়ম বান্ধি দিছে বনভোজকাৰী দলৰ বাবে।
সেই নিয়মকেইটা হ’ল-
১) বনভোজলৈ যোৱাৰ সময়ত বাহনৰ চালকজনে কোনো নিচাযুক্ত সামগ্ৰী সেৱন কৰিব নোৱাৰিব। সুস্থ আৰু পৰ্যাপ্ত জিৰণি পাব লাগিব চালকজনে।
২) বনভোজলৈ নিয়া বাহনখনৰ সম্পূৰ্ণ কাৰ্যক্ষমতাৰ প্ৰমাণপত্ৰ লাগিব। বনভোজৰ নিৰ্ধাৰিত তাৰিখৰ আগদিনা ৰাতিলৈকে গাড়ী চলোৱা বাহনৰ চালকে বনভোজকাৰী দলক নিব নোৱাৰিব।
৩) বাহনত অত্যধিক ভিৰ হ’ব নালাগিব। উচ্চ স্তৰৰ হাই- উৰুমি মিউজিক লগাব নোৱাৰিব।
৪) প্ৰতিজন যাত্ৰীয়ে চিলবেল্ট পৰিধান কৰাতো বাধ্যতামূলক।
৫) বনভোজৰ যাত্ৰাৰ সময়ত বতৰৰ আগলি বতৰা আৰু যি স্থানলৈ যাব সেই ঠাইৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিব লাগিব।
৬) সূৰ্যোদয়ৰ পাছত বনভোজৰ বাবে যাত্ৰা কৰিব পাৰিব আৰু সূৰ্যাস্তৰ পূৰ্বে ঘূৰি আহিব লাগিব।
৭) বনভোজৰ বাবে স্থানীয় প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা আখৰে আখৰে পালন কৰিব লাগিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us