/asomiyapratidin/media/media_files/2025/11/20/ujjjd-2025-11-20-11-49-34.jpg)
ডিজিটেল ডেস্কঃ ইংৰাজীত এষাৰ কথা আছে- বিউটি উইথ ব্ৰেইন। এই কথাষাৰেই যেন প্ৰমাণ কৰিলে মোহময়ী অভিনেত্ৰী ঐশ্বৰ্যা ৰায়ে। এক অনুষ্ঠানত অভিনেত্ৰীগৰাকীৰ মননশীল ভাষণে আচৰিত কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো। ঐশ্বৰ্যা ৰায়ৰ সাৱলীল ভাষণ মগন হৈ শুনি থাকিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।
দৰাচলতে অন্ধ্ৰপ্ৰদেশৰ পুত্তপাৰ্থীত অনুষ্ঠিত হৈছিল সত্য সাই বাবা জন্ম শতবাৰ্ষিকীৰ উপলক্ষে এক বিশাল অনুষ্ঠানৰ। এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে মোহময়ী অভিনেত্ৰী ঐশ্বৰ্যা ৰায়ো। প্ৰধানমন্ত্ৰীৰ ভাষণৰ পিছতে ঐশ্বৰ্যা ৰায়ে ভাষণ প্ৰদান কৰিছিল উক্ত অনুষ্ঠানটোত।
ভাষণত ঐশ্বৰ্যা ৰায়ে কয় যে, সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকীত আমি সকলোৱে পণ লওঁ আহক যে, আমি সকলোকে ভাল পাবলৈ শিকো, সকলোকে সেৱা কৰিবলৈ শিকো। আমি সমাজৰ বাবে নিজক উতসৰ্গিত কৰো।'
আমাৰ সমাজত থকা জাত-পাতৰ বিভাজনক লৈ অভিনেত্ৰীগৰাকীয়ে কয়- আমাৰ মাজত এটাই জাতি থাকিব লাগে, সেয়া হৈছে মানৱতাৰ জাতি। এটাই ধৰ্ম থাকিব লাগে, সেয়া হৈছে প্ৰেম। এয়াই ভাষা হ'ব লাগে, সেয়া হৈছে হৃদয়ৰ ভাষা। আমাৰ এজনেই ঈশ্বৰ, যিজন সৰ্বব্যাপী।
অভিনেত্ৰীগৰাকীৰ এই গুৰু-গম্ভীৰ ভাষণ মগন হৈ শুনি থাকিল মঞ্চত সেই সময়ত উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ভাষণ সমাপ্ত কৰাৰ পিছতে তেওঁ প্ৰধানমন্ত্ৰীৰ ভৰিও চুইছিল। আনফালে একাংশ নেটিজেনে বিজেপিৰ বিভাজনকামী চিন্তাধাৰাক অভিনেত্ৰীগৰাকীয়ে প্ৰত্যুত্তৰ দিয়া বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সামাজিক মাধ্যমত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us