/asomiyapratidin/media/media_files/2025/08/07/36-2025-08-07-13-37-50.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ জিলাৰ সাম্প্ৰতিক পৰিবেশ- পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি একাংশ সচেতন লোকে শুকুৰবাৰে অৰ্থাৎ ৮ আগষ্টত শিৱসাগৰ যুৱদলত এখন নাগৰিক সভাৰ আহ্বান কৰিছে। সাম্প্ৰতিক সময়ত বিভিন্ন কাৰকৰ বাবে শিৱসাগৰ চহৰকে ধৰি বিভিন্ন অঞ্চলত এক সাম্প্ৰদায়িক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।
ধৰ্মীয় অসহিষ্ণুতা আৰু প্ৰৰোচনামূলক বক্তব্যৰ বাবে শিৱসাগৰত সৃষ্টি হোৱা দ্বন্দ্ব আশংকা ৰোধ কৰিবৰ বাবে ৮ আগষ্টৰ দিনৰ ১১-০০ বজাত নাগৰিক সভাৰ আহ্বান কৰিছে । শিৱসাগৰৰ বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে উপস্থিত থাকিব লগা লোক সকলৰ মাজত এনে সংঘাতময় পৰিস্থিতি ৰোধ কৰাৰ বাবে সমাজৰ জেষ্ঠ-যোগ্য-গণ্য সকলে আলোচনা কৰি সমগ্ৰ জিলাখনৰ লগতে অসমলৈ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে।
যাৰ দ্বাৰা কেৱল শিৱসাগৰ নহয়, অসমে যেন এক শান্তি আৰু সম্প্ৰিতীৰ পৰিৱেশ লাভ কৰে এই উদ্দেশ্য আগত ৰাখি এই নাগৰিক সভা আয়োজন কৰা হৈছে বুলি আহ্বায়ক মণ্ডলীৰ তৰফৰ পৰা জানিব পৰা গৈছে। এক শান্তিৰ পৰিৱেশ সৃষ্টিৰ বাবে কাইলৈ অনুষ্ঠান হ'বলগীয়া নাগৰিক সভাত শিৱসাগৰৰ সকলো সচেতন আৰু দায়বদ্ধ নগৰিকৰ উপস্থিতি কামনা কৰিছে আহ্বায়ক মণ্ডলীয়ে।
ইফালে শিৱসাগৰ জিলাত বিগত দিনত এক সংঘৰ্ষময় পৰিৱেশ সৃষ্টি হৈ থকাৰ মাজতে একাংশই মিঞা খেদাৰ নামত আন এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ কৰাক লৈ সৰৱ হৈ পৰিছে একাধিক সংগঠন। সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা,অসম ছাত্ৰ যুৱ সন্মিলন আৰু আক্ৰাছুৰ নেতৃত্বই এই সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
অসম ছাত্ৰ যুৱ সন্মিলনৰ সভাপতি জিণ্টু মেছে এই সন্দৰ্ভত কয় যে, মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ চৰকাৰে আমাক দিয়াই নাই তাৰ আগতে আমি কি কৰিছো ৷ ভাষাৰ ভিত্তিত ধৰ্মৰ ভিত্তিত মানুহক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছো। শিৱসাগৰৰ ৰাইজ সংবিধান বিৰোধীৰ প্ৰতীক নহয়, নিৰ্যাতনকাৰীৰ প্ৰতীকো নহয় । শিৱসাগৰত আহোম স্বৰ্গদেউৱে সম্প্ৰিতীৰে জাতিটোক ভাল পাবলৈ শিকাই গৈছে।
তেওঁ শিৱসাগৰৰ মানুহ কেতিয়াও নিৰ্যাতনকাৰী,অত্যাচাৰী আৰু বৰ্ণ বৈষম্য তথা জাত পাতৰ ভিত্তিত বিদেশী বহিস্কাৰণৰ প্ৰতীক হ'ব নোঁৱাৰে বুলি স্পষ্ট কৰি দিয়ে । লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু বিশেষ ৰাজ্যৰ মৰ্য্যদা প্ৰদানৰ বাবে বিশাল আন্দোলনৰ পোষকতা কৰাৰ সমান্তাৰালকৈ যি সমূহ কাৰ্য্য চলি আছে সেই সমূহ বেআইনী বুলি অভিহিত কৰাৰ লগতে আৰক্ষীকো সমালোচনা কৰে মেছে।
তেওঁ চৰকাৰক বিদেশী মুক্ত অসমৰ বাবে বাধ্য কৰাব লাগে বুলিও মন্তব্য কৰে। অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাসে কয় যে--বিদেশীমুক্ত অসম গঢ়াত কাৰো মতভেদ নাই ৷ প্ৰত্যেকজন অসমীয়াৰ বাবে বিদেশী মুক্ত অসম এক সপোন।
ৰাজনৈতিক দল সমূহে এই সপোনৰ গইনালৈ ৰাজনীতি কৰি আহিছে । অতি শেহতীয়াভাৱে শিৱসাগৰত হোৱা কিছু ঘটনাই শংকিত কৰিছে বুলি তেওঁ মন্তব্য কৰি আইন বিৱৰ্জিত কামৰ পৰা আঁতৰি থাকিবলৈ সকলোকে আহ্বান জনায়।