আজিৰ পৰা ৬ জানুৱাৰীলৈ কিতাপৰ সুবাসেৰে আমোল হ’ব খানাপাৰা

গ্ৰন্থমেলাৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যুৱ লেখক সন্মান ২০২৫ লাভ কৰা ৰাজ্যৰ ৪০ বছৰ অনুৰ্দ্ধ ৮১৮ গৰাকী যুৱ লেখক-লেখিকাক সম্বর্দ্ধনা জনাব।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-23 at 6.48.34 PM

ডিজিটেল ডেস্কঃ   আজিৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্রন্থমেলা অনুষ্ঠিত হ'ব। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত ১৪ দিনীয়াকৈ হ'বলগীয়া গ্রন্থমেলা সন্দৰ্ভত কালি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন সংবাদমেলত অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই সবিশেষ তথ্য প্রকাশ কৰে।

সচিবগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৩ বজাত হ'বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ লগতে সন্মানীয় অতিথি হিচাপে মুম্বাইৰ প্ৰসিদ্ধ লেখক আমিশ ত্রিপাঠী আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকিব।

 গ্ৰন্থমেলাৰ প্ৰাংগণতে জন্ম শতবৰ্ষত ড০ ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি শীর্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ড০ ভূপেন হাজৰিকাৰ গীতত সমকালীনতা বিষয়ত হ'বলগীয়া অনুষ্ঠানটো সঞ্চালনা কৰিব বিশিষ্ট লেখক সুমন্ত চলিহাই। আলোচক হিচাপে বিশিষ্ট সংগীত শিল্পী কমল কটকী, ৰঞ্জন বেজবৰুৱা, লেখক-সমালোচক ড০ বিৰিঞ্চি কুমাৰ দাসে অংশগ্ৰহণ কৰিব।

গ্ৰন্থমেলাৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ শৰ্মাই যুৱ লেখক সন্মান ২০২৫ লাভ কৰা ৰাজ্যৰ ৪০ বছৰ অনুৰ্দ্ধ ৮১৮ গৰাকী যুৱ লেখক-লেখিকাক সম্বর্দ্ধনা জনাব। সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে লেখক-লেখিকাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে তেওঁলোকক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব।
ইপিনে বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ ড° দীপক কুমাৰ বৰকাকতিলৈ ২০২৫ বৰ্ষৰ অসম প্রকাশন পৰিষদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে।

ড° কাকতিক ঐশ্বর্য শীর্ষক উপন্যাসৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে নগদ ৫ লাখ টকা, প্রশস্তি পত্র, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা। একেদৰে বান্ধৱ প্রকাশনলৈ ২০২৫ বৰ্ষৰ অসম প্ৰকাশন পৰিষদ প্রকাশক বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত নগদ ৩ লাখ টকা, মানপত্র, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা আছে।

অসম গ্ৰন্থমেলা অসমীয়া গ্ৰন্থ