/asomiyapratidin/media/media_files/2025/09/29/web-ap-1-6-2025-09-29-17-49-55.jpg)
ডিজিটেল ডেস্কঃ যোৰহাটত পালন কৰা হ’ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক পৰ্ব। এই অনুষ্ঠানত যোৰহাটত থাকিব গৰিমা গাৰ্গসহ পৰিয়ালৰ বাকী সদস্যসকল। ১৩ দিনৰ দিনাই যোৰহাটলৈ নিয়া হ’ব জুবিনৰ চিতাভস্ম।
১৩ দিনীয়া সকামৰ প্ৰস্তুতিক লৈ মূল সমিতিয়ে ইতিমধ্যে কাৰ্যসূচী ঘোষণা কৰিছে। ১ অক্টোবৰত যোৰহাট ষ্টেডিয়ামত জুবিনৰ চিতাভস্ম প্ৰতিষ্ঠা কৰা হ'ব। উক্ত দিনাই এদিনীয়া কাৰ্যসূচীৰে শিল্পীগৰাকীৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/29/whatsapp-image-2025-09-29-17-50-11.jpeg)
উক্ত অনুষ্ঠান পৰিচালনাৰ বাবে যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে এখন ৪৮ জনীয়া কৰ্ণধাৰ সমিতি গঠন কৰি দিছে। জানিব পৰা মতে, উক্ত অনুষ্ঠানখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰে আৰম্ভ কৰা হ'ব। প্ৰায় ২০০০ ভকত-বৈষ্ণৱে এই অনুষ্ঠানত নাম প্ৰসংগ কৰা লগতে ঢেকীয়াখোৱা বৰ নামঘৰ আৰু আঠখেলীয়া নামঘৰৰ ভকত বৈষ্ণৱে প্ৰসংগত অংশগ্ৰহণ কৰিব ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/29/whatsapp-image-202-2025-09-29-17-50-28.jpeg)
উল্লেখ্য যে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অনুৰাগীসকলে ফুলেৰে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। আদ্যশ্ৰাদ্ধৰ ১৩ দিনীয়া মাংগলিক অনুষ্ঠানত পৰিয়ালৰ কম সংখ্যক লোকে অংশ ল'ব। দিহানামৰ বাবে ৫০০ গৰাকীৰ যাতায়াতকে ধৰি সকলো ব্যৱস্থা কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/29/556863787_1227507799184566_1785113741121764504_n-2025-09-29-17-51-42.jpg)
পৰিয়ালৰ আদ্যশ্ৰাদ্ধৰ বাবে এক সুকীয়া স্থান নিৰ্মাণ কৰা হৈছে। বৈদিক পৰম্পৰাৰে জুবিন গাৰ্গৰ পৰিয়ালৰ শিল্পীগৰাকীৰ ১৩ দিনীয়া মৎস্যস্পৰ্শ অনুষ্ঠান সমাপন কৰিব । এই মৎসস্পৰ্শ অনুষ্ঠান পৰিয়ালৰ ১২-১৫ গৰাকী লোককে ধৰি অতি কম শুভাকাংক্ষীৰ মাজত অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/29/whatsapp-i-2025-09-29-17-50-43.jpeg)
জিলা প্ৰশাসনৰ পোৱা তথ্য অনুসৰি, এই মাংগলিক অনুষ্ঠানলৈ বৰপাত্ৰআলিত থকা মূল গে'টেৰে যোৰহাট ষ্টেডিয়ামৰ মাংগলিক অনুষ্ঠানলৈ ৰাইজ প্ৰৱেশ কৰিব পাৰিব। ইয়াৰ পাছত শ্ৰদ্ধাঞ্জলি স্থানলৈ গৈ ৰাইজে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰিব ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/29/whatsapp-imag-2025-09-29-17-50-56.jpeg)
উল্লেখযোগ্য যে, যোৰহাটবাসী আৰু ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া ১৩ দিনীয়া মাংগলিক কাৰ্যসূচী সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰা হয়। সংবাদমেলত মন্ত্ৰী বিমল বড়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, যোৰহাটৰ আয়ুক্ত জয় শিৱানী, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখিত তথ্য সংবাদ মাধ্মক প্ৰকাশ কৰে জিলা আয়ুক্ত জয় শিৱানীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us