জুবিন গাৰ্গৰ হত্যাকাণ্ডত কোনোবা এজন শক্তিশালী ব্যক্তি আছে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী ৰক্ষা কৰিবলৈ অহা বিধানসভা নিৰ্বাচনত ইউ পি, বিহাৰৰ পৰা ভোটাৰ মাতি আনি আমাৰ অসমৰ ভোটাৰ তালিকাত সোমোৱাব বিচাৰিছে। অসমবাসীৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক ডাঙৰ বিদ্ৰোহ আৰম্ভ হৈছে।

author-image
Asomiya Pratidin
New Update
319

ডিজিটেল সংবাদ, গুৱাহাটী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। একে সময়তে মুখ্যমন্ত্ৰীগৰাকীক কঠোৰ সমালোচনা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা আৰু ভূপেন বৰাই। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক ঘটনাৰ প্ৰসংগৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাক সমালোচনা কৰে গৌৰৱ গগৈয়ে। 

সভাপতি গৌৰৱ গগৈয়ে কয়- হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী ৰক্ষা কৰিবলৈ অহা বিধানসভা নিৰ্বাচনত ইউ পি, বিহাৰৰ পৰা ভোটাৰ মাতি আনি আমাৰ অসমৰ ভোটাৰ তালিকাত সোমোৱাব বিচাৰিছে। অসমবাসীৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক ডাঙৰ বিদ্ৰোহ আৰম্ভ হৈছে।

যি বিদ্ৰোহ লুকুৱাবলৈ হিমন্ত বিশ্ব শৰ্মাৰ এক মাত্ৰ বিকল্প হ'ল ভুৱা ভোটাৰ তালিকা । তেওঁ ইউ পি, বিহাৰৰ বিজেপি কৰ্মীসকলৰ ভোটৰ যোগেদি অহা পাঁচ বছৰ পুনৰ মুখ্যমন্ত্ৰী হৈ থাকিব বিচাৰে। বিধানসভাত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডত কোনোবা এজন শক্তিশালী ব্যক্তি আছে, যি জনে এইসকলক নিৰ্দেশ জাৰি কৰিছে বুলি কয় গৌৰৱ গগৈয়ে ।

তেওঁ আৰু কয়- এইবোৰ কথা  SITয়ে উলিয়াব নে নাই, আমি অলপ দিনৰ বাবে ৰৈ থাকিম। কিন্তু মুখ্যমন্ত্ৰীয়ে আজি সম্পূৰ্ণ কথা ফাদিল কৰা নাই। যদি তেওঁৰ মতে এই সকলে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত। তেনেহ'লে তেওঁলোক সম্পূৰ্ণ নহয়, এওঁলোকৰ পিছত কোনোবা শক্তিশালী এজন ব্যক্তি আছে।

জুবিন গাৰ্গৰ হত্যাকাণ্ডত যি সকলৰ নাম সোমাইছে এই সকলক ৰিমৰ্ট কন্ট্ৰল যোগেদি চলোৱা মাষ্টৰ মাইণ্ডৰ নাম ৰাজহুৱা হোৱা নাই নাই বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ কথাত তেওঁৰ নিজৰ দলৰ মানুহে হাঁহে,দিল্লীত বিজেপি নেতৃত্বই হাঁহে। এইখিনি কথা তেওঁ গম পাইছে নে নাই,মই নাজানো বুলি মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰে গৌৰৱ গগৈয়ে। 

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, মঙলবাৰে বিশ্বনাথত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰব গগৈ,ৰিপুন বৰা আৰু ভূপেন বৰাৰ উপস্থিতিত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় । এই পৰ্যালোচনা সভাত বিশ্বনাথ, ধেমাজি, নৰ্থ লক্ষীমপুৰ, ওদালগুৰি আৰু দৰং জিলাৰ ব্লক কংগ্ৰেছ তথা জিলা কংগ্ৰেছৰ সভাপতিসকলে অংশ গ্ৰহন কৰে। এই পৰ্যলোচনা সভাতে সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত পৰ্যলোচনা তথা ৰণ কৌশলৰ বিষয়ে আলোচনা কৰে।

উক্ত সভাতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সদনত জুবিন গাৰ্গৰ সন্দৰ্ভত এইখিনি কথা কেনেকৈ ক'লে ? তেওঁ SIT নেকি। জুবিন গাৰ্গৰ হত্যাত এটা ডাঙৰ শক্তি পিছত আছে,যিটো অদৃশ্য শক্তি। যি শক্তিৰ কথা অসমৰ সকলো মানুহে বুজি পাইছে।

ইফালে মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক ৰাজনীতি সন্দৰ্ভতো প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই কেতবোৰ মন্তব্য কৰে। তেওঁ কয় যে জুবিন গাৰ্গৰ মৃতদেহৰ পিছফালে কোন কোন মানুহ গৈছিল। সেই মানুহ খিনি ভাগ কৰিব পৰা ক্ষমতা হিমন্ত বিশ্ব শৰ্মাৰ নাই।

জুবিন গাৰ্গে যিখন অসমক তেওঁৰ মৃতদেহৰ পিছফালে থিয় কৰায় দিলে। সেইখন অসমক কংগ্ৰেছ দলে প্ৰতিনিধিত্ব কৰে। এই কথা হিমন্ত বিশ্ব শৰ্মাই ভাবি উলিয়াব নোৱাৰে আৰু যদি ভাবি উলিয়াব পাৰে,তেনেহলে হিমন্ত বিশ্ব শৰ্মা বিজেপত থাকিব নোৱাৰে বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰে ভূপেন বৰাই।

জুবিন গাৰ্গ