বিৰোধী ঐক্যৰ সভাত কোনো ছিৰিয়াছ আলোচনা হোৱা নাই,বিয়া কথা পাতিলে বিৰোধীয়েঃ পীযুষ হাজৰীকা

জাতীয় পৰিষদৰ বিধায়ক নাই। কমিউনিষ্টৰ আৰু ৰাইজৰ দলৰ এজনকৈ বিধায়ক আছে। বাকী দলবোৰৰ বিধায়কেই নাই। কেৱল কংগ্ৰেছ দলৰ বিধায়ক আছে। গতিকে তাত বাকী দলবোৰে কি কৰিব মই বুজি পোৱা নাই...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যৰ বিৰোধী দলসমূহৰ ঐক্যৱদ্ধ সভাত কোনো ছিৰিয়াছ কথা আলোচনা নহ'ল। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বাৰ্তাত মন্ত্ৰী হাজৰীকাই কয় যে, মই শুনামতে তেওঁলোকৰ বৈঠকত কোনো গুৰুত্বপূৰ্ণ কথা আলোচনা হোৱা নাই।

তেওঁ আৰু কয়, সাপে নেউলে লগ হৈ বিজেপিক কেনেকৈ প্ৰতিহত কৰিব তাৰ কথা পাতিছে তেওঁলোকে।অহা ৫ তাৰিখৰ পৰা হ'ব লগা বিধানসভা অধিবেশনত কোনে কি ভূমিকা পালন কৰিব তাৰহে কথা পাতিলে তেওঁলোকে। জাতীয় পৰিষদৰ বিধায়ক নাই। কমিউনিষ্টৰ আৰু ৰাইজৰ দলৰ এজনকৈ বিধায়ক আছে। বাকী দলবোৰৰ বিধায়কেই নাই। কেৱল কংগ্ৰেছ দলৰ বিধায়ক আছে। গতিকে তাত বাকী দলবোৰে কি কৰিব মই বুজি পোৱা নাই।

মন্ত্ৰী হাজৰীকাই লগতে কয়, এনেকুৱা কাম কৰি আপোনালোক হাঁহিয়তাৰ পাত্ৰ নহ'ব,মই সকলোকে অনুৰোধ জনাইছো। বিয়া কোনে কেতিয়া পাতিব, মন্ত্ৰী হৈ কোনে বিয়া পাতিব,এইবোৰ সৰু সৰু কথা পাতিব নাপায়। এইবোৰ আলোচনাই মানুহৰ অনুভূতিত আঘাত দিছে।

পীযুষ হাজৰীকা