প্ৰধানমন্ত্ৰীৰ বাবে বিশেষ সুৰক্ষাৰ প্ৰয়োজন নাই : নৰেন্দ্ৰ মোডী

মই ব্যতিক্ৰম নহয়, ময়ো এজন সাধাৰণ নাগৰিক। বাকী সতীৰ্থ মন্ত্ৰীসকলৰ বাবে যি নিয়ম প্ৰযোজ্য হ’ব সেই একেই নিয়ম মোৰ বাবেও প্ৰযোজ্য। ইয়াৰ বিপৰীতে মোৰ বাবে নালাগে সুকীয়া নিয়ম। - এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। 

author-image
Asomiya Pratidin
New Update
162

ডিজিটেল ডেস্ক : মই ব্যতিক্ৰম নহয়, ময়ো এজন সাধাৰণ নাগৰিক। বাকী সতীৰ্থ মন্ত্ৰীসকলৰ বাবে যি নিয়ম প্ৰযোজ্য হ’ব সেই একেই নিয়ম মোৰ বাবেও প্ৰযোজ্য। ইয়াৰ বিপৰীতে মোৰ বাবে নালাগে সুকীয়া নিয়ম। - এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। 

Advertisment

উল্লেখযোগ্য যে, কেইদিন পূৰ্বে কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা হৈছিল এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সেয়া আছিল কোনো এগৰাকী মন্ত্ৰী যদি কোনো অপৰাধমূলক গোচৰত অভিযুক্ত হৈ ৩০ দিন বা তাতকৈ অধিক দিনৰ বাবে জেলত থাকিব লগা হয়, তেন্তে অভিযুক্ত মন্ত্ৰীগৰাকীক মন্ত্ৰিত্বৰ পৰা বৰ্খাস্ত কৰা হ’ব। 

ইতিমধ্যে এই সিদ্ধান্ত প্ৰস্তাৱিত বিধেয়কত উল্লেখ কৰা হৈছে। প্ৰস্তাৱিত এই নতুম নিয়মৰ আওতাৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীক ৰেহাই দিয়াৰ প্ৰসংগ উত্থাপন হওতেই প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, নিয়ম সকলোৰে বাবে সমান। এই নিয়মৰ পৰা মই ৰেহাই লৈ সুবিধা গ্ৰহণ কৰিব নোৱাৰো। মই ব্যতিক্ৰম নহয়, ময়ো এজন সাধাৰণ নাগৰিক। গতিকে আন মন্ত্ৰীসকলৰ দৰে প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য হ’ব। 

এই সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজুজুৱে কয় যে, কেবিনেটত মন্ত্ৰীৰ ৩০ দিনীয়া কাৰাবন্দীৰ নিয়মৰ পৰা প্ৰধানমন্ত্ৰীক ৰেহাই দিয়াৰ পোষকতা কৰা হৈছিল। কিন্তু সেয়া তেওঁ পোনচাতেই প্ৰত্যাখ্যান কৰে। বৰং প্ৰধানমন্ত্ৰীয়ে নিজকে এগৰাকী সাধাৰণ নাগৰিক বুলি কৈ তেওঁৰ বাবে  বিশেষ সুৰক্ষাৰ প্ৰয়োজন নাই বুলিহে কয়।

প্ৰধানমন্ত্ৰী