/asomiyapratidin/media/media_files/2025/12/03/ujjdd-2025-12-03-17-10-17.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰত্যেক বছৰে ৩ ডিচেম্বৰ তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা হয় আন্তৰাষ্ট্ৰীয় প্রতিবন্ধী দিৱস। ১৯৯২ চনৰ পৰাই ৰাষ্ট্ৰসংঘই ৩ ডিচেম্বৰ দিনটোত সমগ্র বিশ্বজুৰি এই দিৱস পালন কৰিবলৈ স্বীকৃতি প্ৰদান কৰিছিল। এই দিৱসৰ মূল উদ্দেশ্যে হৈছে শাৰীৰিক, মানসিক আৰু অন্যান্য ধৰণৰ সক্ষম ব্যক্তিৰ বিভিন্ন অধিকাৰ, সুৰক্ষা, সম্মান, সুযোগ আৰু সুবিধা প্রদানেৰে সমাজৰ মূলধাৰাৰ মানুহৰ লগত অংশগ্রহণ নিশ্চিত কৰাৰ লগতে তেওঁলোকক বিভিন্ন ক্ষেত্রত মনোবল বৃদ্ধি কৰা।
এইবাৰো ভাৰ ব্যতিক্রম নহ'ল। অসম চৰকাৰেও ৰাজ্যখনত চৰকাৰী ভাৱে এই দিৱস পালন কৰিছে। যিটো প্রতিবন্ধী সকলৰ বাবে প্ৰেৰণাৰ খবৰ। কিন্তু অতি আচৰিত কথা এয়াই যে এইবাৰৰ প্ৰতিবন্ধী দিৱসত উপস্থিত থাকিবলৈ অলপো আগ্রহী নহ'ল মূখ্যমন্ত্রী বা আন কোনো বিভাগীয় মন্ত্রী। তাৰ বিপৰীতে উপস্থিত থাকিল গুৱাহাটীৰ মেয়ৰ শ্রীযুত মৃগেন শৰণীয়া। কিন্তু আমাৰ মনত প্ৰশ্ন হয় সদায় এইখন চৰকাৰে প্ৰতিবন্ধী সকলৰ উন্নয়নৰ কথা কয় অথচ অতি গুৰুত্বপূৰ্ণ দিৱসটোত কিয় তেওঁলোক উপস্থিত থাকিবলৈ অনিচ্ছুক হ'ল।
যি গৰাকী মেয়ৰ মৃগেন শৰণীয়া সভাখনত উপস্থিত থাকিল, তেওঁক আমি কটন বিশ্ববিদ্যালয়ৰ প্ৰতিবন্ধী ছাত্ৰ সকলৰ বিভিন্ন সমস্যা সমধানৰ বাবে কেবাবাৰো লগ ধৰিছিলোঁ। প্রতিশ্রুতি দিছিল, কিন্তু আজিকোপতি তাৰ ফলাফল লাভ নকৰিলোঁ। তেনে এগৰাকী ব্যক্তিয়ে অনুষ্ঠানটোত কোৱা কথা সমূহক কি দৰে গ্ৰহণ কৰিম আমি। আমাৰ প্ৰশ্ন ৰজাঘৰীয়ালৈ যদি সচাকৈয়ে প্রতিবন্ধী সকলৰ প্ৰতি দায়বদ্ধ আপোনালোক, তেন্তে বিভাগীয় মন্ত্রী এজনৰ উপস্থিত থকাৰ ব্যৱস্থা কৰিব নোৱাৰিলে কিয়?
আপোনালোকৰ এই দায়িত্বহীন কাণ্ড দেখি আমাৰ অনুভৱ হয় কেৱল পাতিব লাগে বুলি, লগতে ফটো চেশ্বন আৰু প্ৰচাৰৰ বাবে আপোনালোকে এই কাম কৰিছে। প্ৰচাৰ আৰু ফটো চেশ্বনৰ বাবে বহুতো কাম আছিল। অন্তত আমি প্রতিবন্ধী সকলক ব্যৱহাৰ কৰিব নালাগিছিল। কাৰণ প্ৰচাৰ আৰু ফটো চেম্বনত আপোনালোকে বাঃ বাঃ পাব তাৰ বিপৰীতে আমি প্রতিবন্ধী সকলৰ কোনো লাভ নহয় বৰ ৰাজনীতিৰ পাক চক্ৰত পৰি আমি প্রতিবন্ধী সকল বলিৰ বলিৰ পঠাহে হলোঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us