অসমীয়া চলচ্চিত্ৰ-তথ‍্যচিত্ৰই আজুৰিলে কেইবাটাও বঁটা

তিনিদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হৈ যোৱা কলকাতাৰ ২য় বেলঘৰীয়া চলচ্চিত্ৰ মহোৎসৱ ২০২৬ত অসমীয়া চলচ্চিত্ৰ আৰু তথ‍্যচিত্ৰই আজুৰি আনিলে কেইবাটাও বঁটা ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-22 at 7.06.22 PM

ডিজিটেল ডেস্কঃ  তিনিদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হৈ যোৱা কলকাতাৰ ২য় বেলঘৰীয়া চলচ্চিত্ৰ মহোৎসৱ ২০২৬ত অসমীয়া চলচ্চিত্ৰ আৰু তথ‍্যচিত্ৰই আজুৰি আনিলে কেইবাটাও বঁটা । কলিয়াবৰৰ শিলঘাট অঞ্চলৰ জনাঞ্চলত বিচৰণ কৰা ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণৰ শিহৰণকাৰী প্ৰেক্ষাপটৰ আধাৰত কলিয়াবৰৰ জেষ্ঠ সাংবাদিক গৌতম বৰাৰ প্ৰযোজনাত ৰমেন বৰাৰ পৰিচালনাত নিৰ্মিত প্ৰকৃতি বিষয়ক "গেষ্ট অৱ কামাখ্যা" শীৰ্ষক মননশীল তথ‍্যচিত খনি কলকাতাৰ ২য় বেলঘৰীয়া চলচ্চিত্ৰ মহোৎসৱ-২০২৬ ত প্ৰদৰ্শিত হয়। এই তথ‍্যচিত্ৰ খনৰ শিহৰণকাৰী দৃশ‍্য সংগ্ৰহ কৰা জেষ্ঠ সাংবাদিক গৌতম কুমাৰ বৰালৈ "শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী" (Best Cinematographer) বঁটা প্ৰদান কৰে কলকাতাৰ কামাৰকাটাস্থিত নজৰুল মঞ্চত অনুস্থিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত । 

WhatsApp Image 2026-02-22 at 6.31.57 PM (2)

উক্ত মহোৎসৱত আনন্দৰ প্ৰযোজনাত কৃপাল কলিতাৰ পৰিচালনাত নিৰ্মিত চুটি ছবি "বিয়ণ্ড দি আনফিনিচ্দ্" নামৰ চুটি ছবিখনে দ্বিতীয় শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰে । পৃথিৱীৰ স্বৰ্গ শীৰ্ষক চুটি ছবিৰ বাবে শ্ৰেষ্ঠ কনচেপ্ট বঁটা লাভ কৰে প্ৰশান্ত কলিতাই । চুটি ছবি "পৃথিৱীৰ স্বৰ্গ" ৰ বাবে শ্ৰেষ্ঠ কাহিনীৰ বঁটা লাভ কৰে অপৰাজিতা চৌধুৰী কলিতাই । চুটি ছবিৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে "Beyond The Unfinished" চুটি ছবিৰ বাবে তপন বৰুৱাই । 

একেখন চুটি ছবিৰ শ্ৰেষ্ঠ সম্পাদনা  বঁটা লাভ কৰে কৃপাল কলিতাই । জুৰীৰ বিশেষ উল্লেখ "জীৱন" শীৰ্ষক চুটি ছবিৰ পৰিচালক বাপ্পী শইকীয়ালৈ । তথ‍্যচিত্ৰৰ শিতানত "Sontok Book Sellers" শীৰ্ষক চুটি ছবিৰ শ্ৰেষ্ঠ বিষয় বঁটা লাভ কৰে টুনা গৌতমে । মহোৎসৱত শ্ৰেষ্ঠ তথ‍্যচিত্ৰৰ বঁটা লাভ কৰে Women Empowerment: Golden Thread শীৰ্ষক চুটি ছবিখনে । 

WhatsApp Image 2026-02-22 at 6.31.56 PM

বঁটা গ্ৰহণ কৰে পৰিচালক, প্ৰযোজক প্ৰনৱ জ‍্যোতি শৰ্মাই। তিনিদিনীয়াকৈ অনুস্থিত চলচ্চিত্ৰ মহোৎসৱৰ বিশিষ্ট অভিনেত্ৰী চায়নী দাস আৰু ডিজাইন পৰিচালক ৰাহুল বিশ্বাসে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে অসমৰ বিশিষ্ট অভিনেতা,পৰিচালক যদুমনি দত্ত, বিশিষ্ট সমালোচক, কলকাতাৰ বিশিষ্ট পৰিচালক, প্ৰযোজক উৎপল দত্ত, মুম্বাইৰ বিশিষ্ট পৰিচালক আকাশাদিত‍্য লামা, কলকাটাৰ বিশিষ্ট চিত্ৰ গ্ৰাহক, জাতীয় পুৰস্কাৰ প্ৰাপ্ত অসীম বোস, কলকাতাৰ জাতীয় চিবি পৰিচালক অশোক বিশ্বনাথন, বিশিষ্ট প্ৰযোজক অঞ্জন বোস, কলকাতাৰ বিশিষ্ট জেষ্ঠ সাংবাদিক অশোক বসুকে আদি কৰি চলচ্চিত্ৰ জগতৰ সৈতে জড়িত বহু কেইজন সন্মানীয় ব‍্যক্তি । 

WhatsApp Image 2026-02-22 at 6.31.57 PM (1)

মহোৎসৱৰ সন্মানীয় জুৰী ক্ৰমে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্ট পৰিচালক শৰ্মিষ্ঠা মৈতি, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচ্চিত্ৰ পৰিচালক ৰাজদ্বীপ পাল, বিশিষ্ট চবি নিৰ্মাতা সম্ৰাট ৰায় চক্ৰৱৰ্তী আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু চেনচৰ বৰ্ডৰ সদস্য অলিভা দাস । ২য় বেলঘৰীয়া চলচ্চিত্ৰ মহোৎসৱ ২০২৬ ৰ সভাপতি পাৰ্থ চক্ৰৱৰ্তী, সঞ্চালক কুনাল সেনগুপ্ত, জনসংযোগ আৰু পৰিচালন সঞ্চালক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট অভিনেত্ৰী শ্ৰীলেখা মুখাৰ্জীৰ উপস্থিতিত বঁটা সমূহ প্ৰদান কৰা হয় । 

WhatsApp Image 2026-02-22 at 6.31.57 PM

কলকাতাৰ ২য় বেলঘৰীয়া চলচ্চিত্ৰ মহোৎসৱ ২০২৬