/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-22-13-33.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ লাংহিন পামগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলং জিলা পৰ্যায়ৰ পাঁচ অগ্ৰণী বড়ো সংগঠনৰ অধিৱেশনৰ শুভাৰম্ভ হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-2025-12-28-22-14-04.jpeg)
কছাৰী সমাজৰ ৭৫ সংখ্যক, ইউ বি পি অ' ৰ চতুৰ্থ সংখ্যক, সদৌ বড়ো কৰ্মচাৰী সন্থাৰ ৩৬ সংখ্যক, সদৌ বড়ো কৃষক সন্থাৰ ২৭ সংখ্যক আৰু বড়ো চিনে আৰ্ট এচোছিয়েশ্যনৰ তৃতীয় সংখ্যক লগতে আঠ আঞ্চলিক পৰ্যায়ৰ অগ্ৰণী বড়ো সংগঠন ক্ৰমে কছাৰী সমাজৰ ৪১ সংখ্যক, বড়ো সাহিত্য সভাৰ ৪০ সংখ্যক, আবৌফৰ ৪০ সংখ্যক, কৰ্মচাৰী সন্থাৰ ৩৬ সংখ্যক, কৃষক সন্থাৰ ২২ সংখ্যক, দুলাৰায় বড়ো হাৰিমু আফাদৰ ২২ সংখ্যক, গাওঁবুঢ়া সন্থাৰ ১৫ সংখ্যক, ইউ বি পি অ'ৰ তৃতীয় সংখ্যক বছৰেকীয়া অধিৱেশন যৌথভাৱে অনুষ্ঠিত কৰা তিনিদিনীয়া কাৰ্যসূচী দেওবাৰৰ পৰা আৰম্ভ কৰা হৈছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-ima-2025-12-28-22-14-18.jpeg)
কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত মূল আদৰণি তোৰণ (গেট) উদঘাটন কৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য শৰৎ ব্ৰহ্মই। লগতে অতিথিশালা, প্ৰতিনিধি শিবিৰ, ভোজনালয় গৃহ আদি উদ্বোধন কৰা হয়।
ইয়াৰ পিছতে আঞ্চলিক পৰ্যায়ৰ আঠ অগ্ৰণী বড়ো সংগঠনৰ সভাপতিৰ দ্বাৰা পৃথকে পৃথকে পতাকা উত্তোলন কৰে ক্ৰমে আবৌফৰ সভানেত্ৰী কৰ্ণমলা বসুমতাৰী, কছাৰী সমাজৰ সভাপতি জনেশ্বৰ বসুমতাৰী, গাওঁবুঢ়া সন্থাৰ সভাপতি ডিম্বেশ্বৰ মহেলা, বড়ো সাহিত্য সভাৰ সভাপতি সৰ্বেশ্বৰ খাখলাৰী, কৰ্মচাৰী সন্থাৰ সভাপতি সঞ্জয় বাগলাৰী, কৃষক সন্থাৰ সভাপতি ৰাজকুমাৰ বড়ো, ইউ বি পি অ'ৰ সভাপতি ৰেফাৰাম বাগলাৰী আৰু দুলাৰায় বড়ো হাৰিমু আফাদৰ সভাপতি মলেশ্বৰ বসুমতাৰীয়ে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-i-2025-12-28-22-14-36.jpeg)
শ্বহীদ তৰ্পণ কৰে কছাৰী সমাজৰ সভাপতি চক্ৰ খাখলাৰীয়ে । ভলিবল খেল উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত ডি এছ পি প্ৰহ্লাদ খাখলাৰীয়ে । ইয়াৰ পিছতে বিভিন্ন অগ্ৰণী বড়ো সংগঠনসমূহৰ পৃথকে পৃথকে প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us