প্ৰায় ২০ বিঘা মাটিত হ'ব হিয়াৰ আমঠু জুবিনৰ সমাধি ক্ষেত্ৰ...

আমি ঠাইডোখৰ সুন্দৰকৈ গঢ়ি তুলিব লাগিব। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ততাতৈয়াকৈ প্ৰায় ৫ বিঘা মাটি পৰিষ্কাৰ কৰি উলিয়াব লাগিব। পৰৱৰ্তি সময়ত ইয়াৰ আশে-পাশে থকা প্ৰায়  ২০ বিঘা মাটিত তেওঁৰ সমাধি ক্ষেত্ৰখন সজাই তুলিব  লাগিব।

author-image
Asomiya Pratidin
New Update
new ap web  5 (1)

ডিজিটেল সংবাদ,গুৱাহাটীঃ  সোণাপুৰৰ হাতীমূৰাত প্ৰায় ২০ বিঘা মাটিত হ'ব প্ৰিয় শিল্পীগৰাকীৰ সমাধি। মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব  শৰ্মাই দিল্লীৰ পৰাই উক্ত ঠাই ডোখৰ পৰিদৰ্শন কৰে। হাতীমূৰাৰ কমাৰকুছি ৰাজহুৱা শ্মশানৰ চৌহদতে থকা বিশাল ভূমিতে হ'ব প্ৰাণৰ শিল্পী জুবিনৰ শেষকৃত্য সম্পন্ন কৰা লগতে সমাধি ক্ষেত্ৰ স্থাপন কৰিব।

উক্ত স্থান পৰিদৰ্শনৰ বাবে তাত উপস্থিত হৈছেগৈ মন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্তৰ লগতে স্থানীয় বিধায়ক অতুল বৰা। এই সন্দৰ্ভত অতুল বৰাই সং বাদ মাধ্যমক  উদ্দেশ্যি কয় যে, জুবিন গাৰ্গক হেৰুৱাতো আমাৰ বাবে দুৰ্ভাগ্য যদিও সোণাপুৰত মোৰ সমষ্টিত তেওঁৰ সমাধি নিৰ্মানৰ সিদ্ধান্ত এক সৌভাগ্য বুলি অনুভৱ কৰিছো।

তেওঁ লগতে কয়, আমি ঠাইডোখৰ সুন্দৰকৈ গঢ়ি তুলিব লাগিব। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ততাতৈয়াকৈ প্ৰায় ৫ বিঘা মাটি পৰিষ্কাৰ কৰি উলিয়াব লাগিব। পৰৱৰ্তি সময়ত ইয়াৰ আশে-পাশে থকা প্ৰায়  ২০ বিঘা মাটিত তেওঁৰ সমাধি ক্ষেত্ৰখন সজাই তুলিব  লাগিব।

অতুল বৰাই লগতে কয়, এই বিশাল পৰিকল্পনাৰ বাবে কাৰো ঘৰ-দুৱাৰৰ কোনো ক্ষতি নহয়। এই স্থানত সেইখিনিৰ সুবিধা আছে। হাতীমূৰাৰ কমাৰকুছি ৰাজহুৱা শ্মশানৰ চৌহদতে আমি সুন্দৰকৈ সমাধি ক্ষেত্ৰ সাজি উলিয়াম। জনসাধাৰণে আহি তেওঁক চাই চাকি-বন্তি জ্বলাব পাৰিব। এই স্থানত তেওঁৰ সৈতে কিছু সময় অতিবাহি কৰিব পাৰিব।

উল্লেখযোগ্য যে, গুৱাহাটীৰ সোণাপুৰত জুবিন গাৰ্গৰ শেষকৃত্য হোৱাটো বিচাৰিছে পত্নী গৰিমা গাৰ্গেও। 

অতুল বৰা