/asomiyapratidin/media/media_files/2025/12/24/hhhffdgfgfgfg-2025-12-24-17-22-06.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ মাধৱ গাঁৱত দিনদুপৰতে সংঘটিত হয় চুৰিকাণ্ড ৷ গাঁও খনৰ নিৰ্মল ভূঞা নামৰ ব্যক্তিজনৰ বাসগৃহত আজি ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি পাকঘৰৰ খিড়িকীৰ ৰড ভাঙি চোৰ ভিতৰত প্ৰৱেশ কৰে আৰু লকাৰ ভাঙি ৫০হাজাৰোধিক টকা লুটি নিয়াৰ লগতে ঘৰৰ আচবাব লণ্ডভণ্ড কৰি থৈ যায় ৷
তিনিজনীয়া পৰিয়ালটোৰ একমাত্ৰ পুত্ৰই নিজা টমটমখন লৈ ভাড়া মৰাৰ বাবে ওলাই যোৱাৰ লগতে ভূঞাৰ পত্নীও এখন বিদ্যালয়ৰ ৰান্ধনীৰ দায়িত্ব পালন কৰাৰ বাবে পুৱাই বিদ্যালয়লৈ গৈছিল ৷ ইফালে ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত হোৱাৰ বাবেই ঘৰখনৰ মূল ব্যক্তি নিৰ্মল ভূঞাও বাসগৃহৰপৰা কিছু সময়ৰ বাবে ওলাই যোৱাৰ পৰতেই চোৰৰ দলে দিনদুপৰতে সংঘটিত কৰে এই চুৰিকাণ্ড ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/24/capturefdfdfdf-2025-12-24-17-22-25.jpg)
কষ্টোপাৰ্জিত সাঁচতীয়া ধন কেইটা বিশেষ এটি কামৰ বাবে জমা কৰি থোৱাৰ মূহুৰ্তত এইদৰে চোৰে লুটি নিয়াত মানসিক ভাৱে ভাগি পৰিছে পৰিয়ালটি ৷ ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এইমূহুৰ্তলৈকে চোৰৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে, জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কেইবাটাও চুৰিকাণ্ড দিনদুপৰতে সংঘটিত হোৱাত স্থানীয় ৰাইজ শংকিত হৈ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us