/asomiyapratidin/media/media_files/2026/01/23/cvdsfsdsd-2026-01-23-15-18-05.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত ১৮ মাইল ৰে'লগেটৰ সমীপৱৰ্তী এলেকাত দিনদুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটিলে নগদ ধনসহ মূল্যৱান সোণৰ আ-অলংকাৰ।
প্ৰাপ্ত তথ্য অনুসৰি, ৰেলগেটৰ সমীপৰ উপেন্দ্ৰ পাচোৱান নামৰ এজন ব্যৱসায়ীৰ বাসগৃহত এই চুৰিকাণ্ড সংঘটিত হয়। ঘৰৰ সকলো সদস্য বাহিৰত থকাৰ সুযোগ লৈ চোৰে নগদ ডেৰ লাখ টকা আৰু আ-অলংকাৰ লুটি নিয়ে। লুট কৰা সা-সামগ্ৰীৰ মুঠ মূল্য প্ৰায় তিনি লাখ টকা বুলি জানিব পৰা গৈছে।
ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে ভুক্তভোগী উপেন্দ্ৰ পাচোৱানে ঘটনাটোৰ সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us