/asomiyapratidin/media/media_files/2026/01/29/fasedfawsdsd-2026-01-29-12-49-24.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ আৰক্ষীৰ ফোপোলা স্বৰূপ পুনৰবাৰ উন্মোচিত কৰিলে গভাইত চোৰৰ চক্ৰই। গহপুৰ নগৰৰ মাজমজিয়াত বুধবাৰৰ নিশা এখন জুৱেলাৰীৰ বিপনীত চোৰে পকী বেৰ কাটি চুৰি কাৰ্য্য সংঘটিত কৰা ঘটনাই গহপুৰ আৰক্ষীক পুনৰবাৰ সমালোচনাৰ পাত্ৰ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/whatsapp-image-2026-01-29-12-50-13.jpeg)
বাসগৃহৰ লগতে দোকানত চুৰি, বাইক চুৰি, গৰু চুৰি, নামঘৰ-মন্দিৰ চুৰিৰ দৰে সঘনাই সংঘটিত হৈ থকা ঘটনা সমূহক ৰোধ কৰাত গহপুৰ আৰক্ষী চুড়ান্তভাবে ব্যৰ্থ হৈ অহাৰ সময়তে যোৱা নিশা গহপুৰ আৰক্ষীৰ নাকৰ তলতেই পুনৰ সংঘটিত হ'ল আন এক চুৰিকাণ্ড। গহপুৰ আৰক্ষী থানাৰ পৰা মাত্ৰ প্ৰায় ২০০ মিটাৰ দুৰত্বত সংঘটিত হোৱা এই চুৰি কাণ্ডত নিউ জুৱেলাৰ্ছ নামৰ প্ৰতিষ্ঠানখনৰ পিছফালৰ পকী বেৰৰ এটা অংশ কাটি চক্ৰটোৱে উলিয়াই লৈ গ'ল এটা প্ৰকাণ্ড লোৰ চন্দুক। এই চন্দুকটোত আছিল বহু সোণ ৰূপৰ গহণা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/whatsapp-image-202-2026-01-29-12-50-32.jpeg)
এই চুৰি চক্ৰটোৱে প্ৰতিষ্ঠানখনৰ ভিতৰৰ পৰা নগদ প্ৰায় ৮/১০ হাজাৰ টকাও লৈ যায় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, পকী বেৰ কাটি চন্দুকটো উলিয়াই লৈ যোৱা লৈকে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছে। চন্দুকটোৰ ওজনলৈ চালে চন্দুকটো উলিয়াই নিয়াৰ ক্ষেত্ৰত প্ৰায় ৮/১০ জন মানুহ লাগিব। তেনেক্ষেত্ৰত এটা শক্তিশালী চুৰি চক্ৰই উক্ত প্ৰতিষ্ঠানখনত চুৰি কৰা বুলি অনুমান কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/whatsapp-image-2026-01-29-12-50-58.jpeg)
এনেদৰে পকীবেৰ কাটি চুৰি কাণ্ড সংঘটিত হোৱা ঘটনাই স্বাভাৱিকতে আতংকত ভোগাইছে স্থানীয় প্ৰতিগৰাকী ব্যৱসায়ীক।এই ক্ষেত্ৰত গহপুৰ আৰক্ষীৰ কঠোৰ পদক্ষেপ কামনা কৰিছে গহপুৰ নগৰৰ ব্যৱসায়ী সকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us