/asomiyapratidin/media/media_files/2025/11/26/ujjjdd-2025-11-26-12-52-09.jpg)
ডিজিটেল ডেস্কঃ মৃত্যু কেতিয়া, কেনেকৈ আহে কোনেও ক'ব নোৱাৰে। হাৰিয়ানাৰ এগৰাকী প্ৰতিভাৱান বাস্কেট বল খেলুৱৈৰ মৃত্যুৰ ঘটনাই আকৌ যেন সেই কথাকেই প্ৰমাণ কৰিলে। মাত্ৰ ১৬বছৰীয়া এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাস্কেট বল খেলুৱৈৰ কৰুণ মৃত্যুৰ ভিডিঅ'য়ে এতিয়া কপাঁই তুলিছে সকলোৰে অন্তৰ আত্মা।
যোৱা ২৫নৱেম্বৰ, ২০২৫ত সংঘটিত হৈছে এই ঘটনা। হাৰিয়ানাৰ ৰোহটকত সংঘটিত হোৱা এই ঘটনাৰ ভিডিঅ এতিয়া ভাইৰেল সামাজিক মাধ্যমত। হাৰ্দিক নামৰ ১৬বছৰীয়া খেলুৱৈগৰাকীয়ে আন দিনাৰ দৰেই অনুশীলন কৰিবলৈ আহিছিল। অকলেই বাস্কেট বল ফীল্ডত অনুশীলন কৰি থকা হাৰ্দিকে এবাৰত বাস্কেট বলৰ লোহাৰ খুটাঁটোত ধৰি ওলমি দিওতেই বাগৰি পৰে খুটাঁটো।
হাৰ্দিকৰ শৰীৰৰ ওপৰত পৰা প্ৰকাণ্ড লোহাঁৰ খুটাটোৰ হেচাঁত থিতাতে মৃত্যু হয় হাৰ্দিকৰ। চি চি টিভিৰ কেমেৰাত বন্দী হৈছিল এই সমগ্ৰ দৃশ্য। ইতিমধ্যে প্ৰশাসনে এই ঘটনাক লৈ তদন্ত ঘোষণা কৰিছে। হাৰ্দিকৰ মৃত্যুৰ পাছতে পৰিয়ালেও অনুশীলনস্থলীৰ কৰ্তৃপক্ষকে দোষাৰূপ কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, হাৰ্দিকে বাস্কেট বলৰ কেইবাখনো ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয় কৰিবলৈ সক্ষম হৈছিল। প্ৰতিভাৱান খেলুৱৈগৰাকীৰ মৃত্যুক শোক প্ৰকাশ কৰিছে হাৰিয়ানা চৰকাৰেও।
চি চি টিভিত বন্দী হোৱা উক্ত ভিডিঅ'টো..
हरियाणा के रोहतक में बास्केटबॉल पोल गिरने से एक खिलाड़ी की मौत हो गई है, जिसका CCTV फुटेज सामने आया है। #HaryanaNews#HaryanaPolice#Rohtakpic.twitter.com/dixJjCLPAl
— Prince Singh- RK (@princesinghrk) November 25, 2025
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us