লোক সংগীতৰ মঞ্চৰ পৰা বিধানসভালৈঃ ২৫ বছৰ বয়সত মৈথিলী ঠাকুৰৰ ঐতিহাসিক জয়...

অলী নগৰ সমষ্টিটো দীৰ্ঘদিন ধৰি বিৰোধী আৰজেডিৰ দুৰ্গ হিচাপে পৰিচিত আছিল। কিন্তু মৈথিলী ঠাকুৰে প্ৰবল প্ৰতিদ্বন্দ্বী আৰজেডিৰ বিনোদ মিশ্ৰাক ১১,৭৩০ তকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  পোন প্ৰথমবাৰৰ বাবে ৰাজনৈতিক পথাৰত প্ৰৱেশ কৰিয়েই এক ঐতিহাসিক জয়ৰে অভিলেখ ৰচিলে জনপ্ৰিয় লোক সংগীত শিল্পী মৈথিলী ঠাকুৰে। মাত্ৰ ২৫ বছৰ বয়সত মৈথিলীয়ে বিজেপিৰ প্ৰাৰ্থী হিচাপে দৰভংগাৰ অলী নগৰ সমষ্টিৰ পৰা বৃহৎ ব্যৱধানত জয়লাভ কৰি বিহাৰ বিধানসভাৰ আটাইতকৈ কম বয়সীয়া বিধায়িকা হিচাপে আত্মপ্ৰকাশ কৰে।

উল্লেখ্য যে, অলী নগৰ সমষ্টিটো দীৰ্ঘদিন ধৰি বিৰোধী আৰজেডিৰ দুৰ্গ হিচাপে পৰিচিত আছিল। কিন্তু মৈথিলী ঠাকুৰে প্ৰবল প্ৰতিদ্বন্দ্বী আৰজেডিৰ বিনোদ মিশ্ৰাক ১১,৭৩০ তকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ে মিথিলাঞ্চলত বিজেপিৰ বাবে এক নতুন ৰাজনৈতিক অধ্যায়ৰ সূচনা কৰিলে।

মৈথিলী ঠাকুৰৰ প্ৰসিদ্ধি ৰাজনীতিত প্ৰৱেশ কৰাৰ বহু আগৰে পৰাই আৰম্ভ হৈছিল। বিহাৰৰ মধুৱনী জিলাৰ এক সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰা মৈথিলীয়ে তেওঁৰ পিতৃৰ পৰা ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু লোক সংগীতৰ প্ৰশিক্ষণ লৈছিল।

তেওঁ আৰু তেওঁৰ ভাতৃদ্বয় ঋষভ আৰু আয়াচী ঠাকুৰে মিলি দেশ-বিদেশত বিভিন্ন মঞ্চত মৈথিলী লোকগীত, ভজন আৰু ৰামচৰিতমানসৰ পৰিবেশনৰে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। সামাজিক মাধ্যমতো আছে মৈথিলীৰ লাখৰ ঘৰত অনুৰাগী। তেওঁক ৰাইজিং ষ্টাৰ আদি ৰিয়েলিটি শ্ব'তো দেখা গৈছিল।

লক্ষ্যণীয় যে, নিৰ্বাচন আয়োগে মৈথিলী ঠাকুৰক বিহাৰৰ ষ্টেট আইকন হিচাপেও মনোনীত কৰিছিল। বিজয়ৰ পিছত মৈথিলী ঠাকুৰে এই জয়ক সপোন পূৰণ হোৱাৰ দৰে বুলি অভিহিত কৰিছে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, তেওঁ নিজ সমষ্টিৰ লোকসকলক তেওঁলোকৰ জীয়াৰী হিচাপে সেৱা আগবঢ়াব আৰু উন্নয়নমূলক কাম-কাজক অগ্ৰাধিকাৰ দিব।

বিহাৰ বিহাৰ চৰকাৰ