/asomiyapratidin/media/media_files/2025/10/14/523-2025-10-14-23-25-55.jpg)
ডিজিটেল ডেস্ক : বিগত সময়ছোৱাত কফ চিৰাপ সেৱনৰ ফলত দেশত কেইবাটাও শিশুৰ অকাল বিয়োগ ঘটাৰ পাছত শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্দিষ্ট কফ চিৰাপ ব্ৰেণ্ডকেইটালৈ সতৰ্কবাণী জাৰি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতিত শিশুৰ এই অকাল বিয়োগৰ বাবে কলড্ৰিফ, ৰেস্পিফ্ৰেছ টি আৰ আৰু ৰিলাইফ এই নিৰ্দিষ্ট ৩টা ব্ৰেণ্ডক দোষাৰোপ কৰিছে। এই ব্ৰেণ্ড তিনিটা প্ৰস্তুত কৰিছে স্ৰেছান ফাৰ্মাচিউটিকেল, ৰেডনেক্স ফাৰ্মাচিউটিকেলছ আৰু শ্বেপ ফাৰ্মাই।
বিশ্ব স্বাস্থ্য সংস্থাই লগতে ইয়াকো কয় যে এই উল্লেখিত তিনিওটা ব্ৰেণ্ডৰ কফ চিৰাপত ডাইথাইলিন গ্লাইকলৰ মাত্ৰা অধিক পোৱা গৈছে। যিটো শিশুৰ বাবে একেবাৰে অনুপযোগী আৰু বিপদজ্জনক। ইয়াৰ মাত্ৰা অধিক হ’লে শিশুৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি দিয়ে।
প্ৰণিধানযোগ্য যে, মাত্ৰাধিক ডাইথাইলিন গ্লাইকলৰ ফলত ২০২৩ চনত উজবেকিস্তান আৰু গাম্বিয়াত ১২ গৰাকীৰো অধিক শিশুৰ মৃত্যু হৈছিল। ইতিমধ্যে সংস্থাই ভাৰতীয় এই তিনিওটা প্ৰতিষ্ঠানলৈ সতৰ্কবাণী জাৰি কৰি অনাগত সময়ৰ বাবে ঔষধ প্ৰস্তুত স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, মধ্যপ্ৰদেশত আজি কিছুদিন পূৰ্বে কফ চিৰাপ সেৱন কৰি বৃক্ক বিকল হোৱাৰ ফলত ১১টা শিশুৰ মৃত্যু হৈছিল। এই ঘটনাৰ সৈতে জড়িত এজন চিকিৎসকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আনকি মধ্যপ্ৰদেশ চৰকাৰে কলড্ৰিফ বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰিছিল।