/asomiyapratidin/media/media_files/2025/09/26/430-2025-09-26-08-18-50.jpg)
ডিজিটেল ডেস্ক : অসমৰ সংগীত জগতৰ চিৰ উজ্বল নক্ষত্ৰ জুবিন গাৰ্গ নামৰ বিয়োগত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে মৰ্মাহত হৈছে। এতিয়াও স্বাভাৱিক হ'ব পৰা নাই অসমবাসী । একেদৰে এই শোকত সমাভাগী অসম সাহিত্য সভাও ।
সেয়ে বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে। সংবাদমেলত তেওঁ কয় যে জুবিন গাৰ্গ নামৰ জাতীয় সত্তাটোক হেৰুৱাই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো মৰ্মাহত ।
জুবিনৰ শত্ৰু, তোষামোদকাৰীসকলক বিচাৰি উলিয়াই চৰকাৰে শাস্তিৰ ব্যৱস্থা কৰিলেহে জুবিনৰ মানৱতাবাদী দৰ্শনে পূৰ্ণতা লাভ কৰিব । লগতে কয় যে জুবিন গাৰ্গ নামৰ সত্তাটো বিশ্ব দীপালি । সেয়ে দোষীক শাস্তি দিলে চৰকাৰৰ ভূমিকাও বিশ্বৰ সন্মুখত উজ্জ্বল হৈ ধৰা দিব ।
সাহিত্য সভাৰ সভাপতিগৰাকীয়ে আৰু কয় যে অসম সাহিত্য সভাই জনতা আৰু বিশ্ববৰেণ্য শিল্পী জুবিন গাৰ্গক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে অসম চৰকাৰকো সহযোগ আগবঢ়াবলৈ ইতিমধ্যে আবেদন জনাই পত্ৰ দিছে । আনহাতে, সভাপতি ড০ গোস্বামীয়ে কয়- "অসম সাহিত্য সভাই জুবিন গাৰ্গৰ সমগ্ৰ ৰচনা (গীত, কবিতা) অসমীয়া ,ইংৰাজী আৰু হিন্দীত প্ৰকাশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । ২০২৬ চনৰ মধ্যভাগতে তিনিওটা ভাষাত ৰচনাৱলী প্ৰকাশ কৰিব পৰাকৈ ইতিমধ্যে আঁচনি যুগুত কৰি গীতসমূহ সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে ।"