নিশা তপতজুৰিত বনৰীয়া হাতীৰ তাণ্ডৱ

তপতজুৰি গাঁৱত মঙলবাৰে নিশা এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই দুটা পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
232

ডিজিটেল সংবাদ, ডবকা : ডবকা যমুনা উপত্যকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত তপতজুৰি গাঁৱত মঙলবাৰে নিশা এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই দুটা পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশা প্ৰায় ১.৩০ বজাৰ পৰা ২ বজাৰ ভিতৰত সংঘটিত এই ঘটনাৰ ফলত ওৰে নিশা গাঁওবাসী আতংকিত হৈ থাকে।

স্থানীয় সূত্ৰে জনোৱা মতে, হাতীটোৱে প্ৰথমে মকবুল আলীৰ ঘৰ আক্ৰমণ কৰি ঘৰ-দুৱাৰ ভাঙি চূৰ্ণবিচূৰ্ণ কৰে। তাৰ পিছতে আবু কালাম নামৰ আন এজন লোকৰ ঘৰতো তাণ্ডৱ চলাই এখন বাহন ক্ষতিগ্ৰস্ত কৰে। আক্ৰমণৰ পিছত হাতীটোৱে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি সংলগ্ন বনাঞ্চলৰ দিশে গতি কৰে।

ক্ষতিগ্ৰস্ত পৰিয়াল দুটাই বন বিভাগৰ ওচৰত শীঘ্ৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে হাতী-মানুহ সংঘাত ৰোধৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে একেটা অঞ্চলতে বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছিল। তাৰ পিছতো হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ ক্ষেত্ৰত বন বিভাগে দৃঢ় আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

ইয়াৰ উপৰিও, স্থানীয় ৰাইজে ডবকাৰ বন বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বন বিষয়া ভিজিত ভট্টাচাৰ্য বন সুৰক্ষাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি ৰাইজৰ অভিযোগ। একাংশ বন মাফিয়াৰ সৈতে সুসম্পৰ্ক ৰখাৰ লগতে কুখ্যাত দাগী অপৰাধীক ব্যৱহাৰ কৰি অবৈধ ধন সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপিত হৈছে।

লগতে শইকীয়া নামৰ এজন বন পালকে দীৰ্ঘদিন ধৰি কাৰ্যালয়খনত প্ৰভাৱ বিস্তাৰ কৰি অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। আনহাতে, ৰাইজৰ অভিযোগ অনুসৰি কোটি কোটি টকাৰ কৰ ফাঁকি দি অসাধু চক্রই বনজ সম্পদৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে যদিও সংশ্লিষ্ট বিষয়াই দেখিও নেদেখাৰ ভাও জুৰা পৰিলক্ষিত হৈছে।

সৰু-সুৰা শ্ৰমিকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’লেও ডাঙৰ বন মাফিয়াসকলৰ সৈতে আঁতাত চলি থকা বুলি স্থানীয় লোকে দাবী কৰিছে। বিশেষকৈ কাৰ্বি আংলং জিলাৰ পৰা নিশা অবৈধভাৱে খৰি, কাঠ আৰু কুন্দা সৰবৰাহ হৈ থকা ঘটনাও চকুত পৰা সত্ত্বেও ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজে শীঘ্ৰ নিৰপেক্ষ তদন্ত আৰু দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

বনৰীয়া হাতী