ঝাৰগাঁও চন্তলিৰ বোৱাৰী নিৰুদ্দেশ

মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ অন্তৰ্গত ঝাৰগাঁও চন্তলিৰ এগৰাকী বোৱাৰী যোৱা দহ দিন ধৰি নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হৈ থকা বোৱাৰীগৰাকী ৰবীন্দ্ৰ সৰকাৰৰ পত্নী তাপসি সন্যাসী

author-image
Asomiya Pratidin
New Update
171

ডিজিটেল সংবাদ, মায়ং : মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ অন্তৰ্গত ঝাৰগাঁও চন্তলিৰ এগৰাকী বোৱাৰী যোৱা দহ দিন ধৰি নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হৈ থকা বোৱাৰীগৰাকী ৰবীন্দ্ৰ সৰকাৰৰ পত্নী তাপসি সন্যাসী।

৩৩ বছৰ বয়সৰ তাপসীয়ে ল'ৰা-ছোৱালী দুটাৰ সতে স্বামীক এৰি থৈ যায় ঘৰতে। ১৬ বছৰ পূৰ্বে শোণিতপুৰ জিলাৰ শিঙৰিৰ পৰা সামাজিকভাৱে বিয়া কৰাই আনিছিল তাপসীক। দুয়োৰে সংসাৰ ঠিকেই চলি আছিল যদিও যোৱা সাত বছৰ ধৰি দুয়ো স্বামী-স্ত্ৰীৰ মাজত সৰু-সুৰা কাজিয়া হৈ থাকে বুলি জানিব পৰা যায়।

পিছে যোৱা ১০ ফেব্ৰুৱাৰীৰ দিনৰ ১২ মান বজাত ঘৰৰ পৰা নোহোৱা হয় তাপসী। সেই দিনাৰ পৰাই তাপসীক বিচাৰি স্বামী ৰবীন্দ্ৰ সৰকাৰে আত্মীয় স্বজন আৰু শহুৰৰ ঘৰৰ সতে যোগাযোগ কৰে যদিও বৰ্তমানলৈ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। ঘটনা সন্দৰ্ভত জাগীৰোড থানাত এজাহাৰ দাখিল কৰিছে স্বামী ৰবীন্দ্ৰ সৰকাৰে।

অসম আৰক্ষী জাগীৰোড