/asomiyapratidin/media/media_files/2025/11/18/whatsapp-image-2-2025-11-18-10-44-22.jpeg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ অসমত ভোটাৰ তালিকাৰ সংশোধনীক লৈ নিৰ্বাচন আয়োগৰ বিশেষ ঘোষণা। আয়োগৰ নির্দেশনা অনুসৰি ৰাজ্যত আজিৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্রক্রিয়া আৰম্ভ হ'ব।
নির্বাচন আয়োগে অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ কালি জাৰি কৰা নির্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী কৰা হ'ব। সেই অনুসৰি আজিৰ পৰা এই সম্পর্কীয় নথি পত্র ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্রশিক্ষণ আৰম্ভ হ'ব।
২২ নৱেম্বৰৰ পৰা বি এল অ' সকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নথি-পত্ৰসমূহ পৰীক্ষা কৰিব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত সমন্বিত খচৰা ভোটাৰ তালিকা প্রস্তুত কৰা হ'ব। ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্রকাশ কৰা হ'ব। এই সম্পর্কত থকা দাবী আৰু আপত্তিসমূহ ২ ফ্রেব্রুৱাৰীৰ ভিতৰত নিষ্পত্তি কৰা হ'ব আৰু অহা বছৰৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ'ব।
নির্বাচন আয়োগে প্রকাশ কৰা জাননী অনুযায়ী সংবিধানৰ ৩২৬ ধাৰাৰ অধীনত আৰু ১৯৫০ চনৰ জনপ্রতিনিধিত্ব আইনৰ ১৬ আৰু ১৯ অনুচ্ছেদৰ অধীনত ৰাজ্যখনত বসবাস কৰা আৰু ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হ'বলগীয়া নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰা হ'ব।
নির্বাচন আয়োগৰ এই সিদ্ধান্তক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আদৰণি জনাই কয় যে, ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ জৰিয়তে অসমে এখন নিকা আৰু উন্নীত ভোটাৰ তালিকা লাভ কৰিব। নির্বাচন আয়োগক এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
উল্লেখযোগ্য যে, অসমৰ বাবে নাগৰিকত্ব আইনৰ বিশেষ ধাৰা থকাৰ কাৰণে ইয়াৰ পূর্বে নির্বাচন আয়োগে অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নির্দেশনা দিয়া নাছিল। যোৱা মাহত নির্বাচন আয়োগে চত্তিশগড়, গোৱা, কেবেলা, গুজৰাট, মধ্যপ্রদেশ, ৰাজস্থান, তামিলনাড়ু, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পুড়ুচেৰী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নির্দেশনা জাবি কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us