/asomiyapratidin/media/media_files/2025/10/04/478-2025-10-04-23-20-56.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : নিশা হ’লেই শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত গৰু চোৰ চক্ৰই সৰ্বসাধাৰণ কৃষক ৰাইজক আতংকিত কৰি একাধিক গৰু চুৰি কৰি আহিছে। এইক্ষেত্ৰত গৰুচুৰি চক্ৰৰ সন্ত্ৰাসে জিলাখনৰ ৰাইজৰ নিদ্ৰাহৰণ কৰি অহাৰ সময়তে কালি পুৱতি নিশা কাৱৈমাৰীত ৰাইজে খেদি খেদি পলায়ন কৰা এটা গৰুচোৰৰ দলৰ এটা গৰুচোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, শুকুৰবাৰে পুৱতি নিশা জিলাখনৰ ঠেলামৰা আৰক্ষী থানাৰ অধীনস্থ তথা কাৱৈমাৰীৰ অন্তৰ্গত পতিয়াপুখুৰী গাঁৱৰ নিবাসী নিতানন্দ কোঁচৰ ঘৰত জেওৰাৰ ৰচি কাটি অতি গোপনে তিনিজনীয়া গৰুচোৰৰ দল এটাই প্ৰৱেশ কৰিবলৈ চেষ্টা চলায়। এইক্ষেত্ৰত নিশা হঠাতে শব্দ শুনি গৃহস্থই চোৰ অহা বুলি জানিব পাৰি লগে লগে চোৰ চোৰ বুলি চিঞৰিবলৈ ধৰে।
ইফালে নিশা চোৰ চোৰ বুলি গৃহস্থই চিঞৰ বাখৰ কৰা শুনি দলে বলে স্থানীয় ৰাইজ ওলাই অহাত ততাতয়াকৈ গৰুচোৰৰ দলটোৱে লগত অনা এখন বাহনেৰে পলায়ন কৰা চেষ্টা চলায়। কিন্ত গৰুচোৰৰ দলটোৱে ব্যৱহাৰ কৰা চেভ্ৰলেট গাড়ীখনক বিপৰীত দিশৰ পৰা অহা স্থানীয় যুৱক এজনে নিজৰ বাহনখনৰে আগভেটি দি ধৰে৷
এইক্ষেত্ৰত চকুৰ সন্মুখতে পথ বন্ধ হৈ পৰাত গৰুচোৰ চক্ৰটোৱে তাৰ পৰা ওলাই যাব নোৱাৰি লগত অনা চেভ্ৰলেট বাহনখন ঘটনাস্থলীতে এৰি থৈ পলায়ন কৰে। ইয়াৰ পিছতে গাওঁখনৰে একাংশ যুৱকে গৰুচোৰ চক্ৰটোক পিছে পিছে খেদি যাওতে ঘটুৱা গাঁৱৰ এখন পথাৰত এটা গৰুচোৰক সকলোৱে প্ৰত্যক্ষ কৰে ৷
জানিব পৰা মতে সেই সময়ত গৰুচোৰটোক প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ লগোৱাত চোৰটো পলাই গৈ এটা পুখুৰীত জাঁপ দিয়ে যদিও ৰাইজে চোৰটোক উদ্ধাৰ কৰি উত্তম মধ্যম দিয়ে। ইফালে পতিয়াপুখুৰী গাঁৱত নিশা গৰুচোৰ ওলোৱা বুলি খবৰ লাভ কৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ গৰুচোৰটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিগন্ত শইকীয়াই গৰু চোৰটোক উদ্ধাৰ কৰি থানালৈ লৈ আহে যদিও ৰাইজৰ উত্তম-মাধ্যমত গুৰুতৰভাৱে আহত হোৱা গৰু চোৰটোক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়। এইক্ষেত্ৰত ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়া গৰুচোৰটো নগাওঁ জিলাৰ চামগুৰি কাৱৈমাৰী অঞ্চলৰ আৰিফুল ইছলাম বুলি জানিব পৰা গৈছে।
আনহাতে ৰাইজৰ হাতত ধৰা পৰাৰ ভয়ত কালি পুৱতি নিশাই ঘটনাস্থলীৰ পৰা পলায়ন কৰা আন দুটা গৰুচোৰক ঠেলামৰা আৰক্ষীয়ে এইপৰ্যন্ত ধৰিব পৰা নাই ৷ উল্লেখ্য যে নগাঁৱৰ পৰা শোণিতপুৰ জিলাৰ কাৱৈমাৰীত গৰুচোৰ কৰিবলৈ আহি গৰু চোৰৰ দলটোৱে এ.এচ.০২ কে ৪৪৪৯ নম্বৰৰ এখন চেভলেট গাড়ী ঘটনাস্থলীত এৰি থৈ যায়।
এইক্ষেত্ৰত ঠেলামৰা আৰক্ষীয়ে গৰুচোৰৰ দলে ব্যৱহাৰ কৰা চেভলেট গাড়ীখন জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।