/asomiyapratidin/media/media_files/2025/06/05/efwBIaN35VEfTCoK5ocP.jpg)
ডিজিটেল সংবাদ, চিৰাং : এটা সময়ত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চল বিভিন্ন মূল্যবান গছ- গছনিৰে ভৰা চিৰসেউজ বনাঞ্চল আছিল। কিন্তু তিনিটা দশক ধৰি আন্দোলন, উগ্ৰপন্থীৰ সমস্যা, ৰাজনৈতিক অস্থিৰতাৰ সুযোগ গ্ৰহণ কৰি একাংশ বনমাফিয়া, বনধ্বংসকাৰীয়ে বাধাহীনভাৱে উক্ত সংৰক্ষিত বনাঞ্চলত সহজলভ্য শাল, চেগুন, তিতাচাপ, গামাৰী আদি মূল্যবান গছ গছনি কাটি তহিলং কৰি আহিছে ।
পৰবৰ্তী সময়ত বিটিচিৰ বাহিৰৰ পৰা অহা লোক সকলক ভোটবেংকৰ স্বাৰ্থত ধ্বংসমুখী সংৰক্ষিত বনাঞ্চলত মুকলিভাৱে গছ- গছনি কাটি প্ৰথমে খেতিপথাৰলৈ ৰূপান্তৰ, তাৰ পিছত বাসস্থানলৈ পৰ্য্যবসিত কৰা কাম আৰম্ভ কৰে। ফলস্বৰূপ বন্যজীৱ আৰু মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰে।
যাৰ ফলত দুয়োপক্ষৰে প্ৰাণ হেৰুৱাৰ বহুটো ঘটনা সংঘটিত হৈছে । এই সময়ছোৱাত বনধ্বংসৰ দৰে গৰ্হিত কাৰ্য্য ইমানেই তীব্ৰ গতিত হৈছে যে বিগত ১০/১২ বছৰত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা ৰেঞ্জৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলৰ সমূহত পৰা পূৰ্বতে সহজলভ্য হোৱা মূল্যবান শাল, চেগুন, তিতাচাপ,গমাৰী আদি গছনি সম্পূৰ্ণৰূপে বিলুপ্তিৰগ্ৰাসত গুচি গৈছে ।
যি বনধ্বংসৰ কাৰ্য্যকলাপ এতিয়াও অব্যাহত আছে। লক্ষ্যণীয় বিষয় যে চিৰাং জিলাৰ এই ভাৰত-ভূটান সীমান্তত তিনিটা দশক জুৰি বনধ্বংস কাৰ্য্য চলি থাকিলেও ৰুণীখাতা ৰেঞ্জৰ অন্তৰ্গত শিমলাবাগান বনগাঁৱত অৱস্থিত এটা বিশেষ সংৰক্ষিত বনাঞ্চল কিন্তু এতিয়াও অক্ষত অৱস্থাতে আছে ।
এই বনাঞ্চলত এতিয়াও প্ৰকাণ্ড প্ৰকাণ্ড শালগছসহ বহু মূল্যবান গছ- গছনি সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে। ৩৬.৪ হেক্টৰ ভূমিত সহস্ৰাধিক বিশাল আকাৰৰ শালগছ থকা এই বিশেষ বনাঞ্চলৰ সংৰক্ষণ বা সুৰক্ষা প্ৰদান কিন্তু কোনো বিভাগৰ লোকে কৰা নাই । তাৰ বিপৰীতে এই বনাঞ্চলৰ সংৰক্ষণ আৰু সুৰক্ষা প্ৰদান কৰিছে শিমলাবাগান গাঁৱৰ ৰাইজে ।
যি সময়ত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ চৌদিশে বনধ্বংসৰ এক অঘোষিত প্ৰতিযোগিতা চলি আছে সেই সময়ত শিমলাবাগান গাঁৱৰ ৰাইজে সোঁতৰ বিপৰীতে গৈ এই অঞ্চলৰ পৰা বিলুপ্ত হৈ যোৱা শাল গছৰে ভৰি থকা বনাঞ্চলক কিয় সংৰক্ষণৰ কথা চিন্তা কৰি ইয়াক সুৰক্ষা প্ৰদান কৰি আছে ? এই সন্দৰ্ভত শিমলাবাগানৰ এগৰাকী পৌঢ় ব্যক্তি লপেন বৰগয়াৰীয়ে অসমীয়া প্ৰতিদিনৰ আগত কয় যে শিমলাবাগান গাঁৱৰ এটা সুন্দৰ ইতিহাস আছে।
দেশৰ স্বাধীনতা লাভ কৰাৰ আগৰে পৰা বড়ো জনগোষ্ঠীৰ লোক সকলে এই চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত আহি ঘৰ-দুৱাৰ বনাই খেতিবাতি কৰি জীৱন নিৰ্বাহ কৰিছিল। ১৯৫০-৫১ চনত তদানীন্তন বনবিভাগে শিমলাবাগানক 'বনগাঁও' হিচাপে স্বীকৃতি প্ৰদান কৰিছিল ।
আমাৰ পূৰ্ব পুৰুষসকলে এই বনজংঘলৰ মাজত গাঁও স্থাপন কৰি খেতিবাতি কৰিও বনাঞ্চলৰ গছ গছনিক সংৰক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্বাৰোপ কৰিছিল। তেওঁলোকৰ সেই আদৰ্শক অনুসৰণ কৰি প্ৰজন্মৰ পিছত প্ৰজন্মই সেই ধাৰা অক্ষুন্ন ৰাখি শিমলাবাগান গাঁওখনত বসবাস কৰা ১১০ টা পৰিয়ালে ৩৬.৪ হেক্টৰ ভূমিৰ এই শালগছৰ বনাঞ্চলক ঘেৰাও কৰি ৰাখি বছৰৰ পিছত বছৰ ধৰি সুৰক্ষা প্ৰদান কৰি আহিছে ।
আজিও আমাৰ চৌদিশে মূল্যবান গছ গছনি কাটি তহিলং কৰি বনজঙ্ঘল অবাধে ধ্বংস কৰি আছে কিন্তু আমি শিমলাবাগান গাঁৱৰ ৰাইজে উক্ত বনধ্বংসৰ দৰে গৰ্হিত কামৰ পৰা আঁতৰি থাকি এই বিলুপ্তপ্ৰায় এশ বছৰীয়া বয়সৰ শালগছ থকা বনাঞ্চলক আমি সুৰক্ষা প্ৰদান কৰাৰ লগতে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত গুৰুত্বাৰোপ কৰিছো। যোৱা কেইটা বছৰত আমাৰ ওচৰৰে সংৰক্ষিত বনাঞ্চল সমূহ ক্ৰমাত ধ্বংস হোৱাৰ পিছত আমি এটা নতুন পৰিবৰ্তন দেখিবলৈ পাইছো।
বিগত দুবছৰ ধৰি আমাৰ এই সৰু ব্যাসাৰ্ধৰ ভিতৰত ওখ গছ গছনিৰে ভৰা বনাঞ্চলত কিছু কিছু বন্যজীৱৰ আগমন ঘটিবলৈ আৰম্ভ কৰিছে । দুবছৰ ধৰি ১৪/১৫ টা মান মৰা চৰাই আহি আমাৰ এই বনাঞ্চলত থিতাপি লৈছে ।
সুখৰ কথা মৰা চৰাই বিলাকে ইতিমধ্যে পোৱালী জগাবলৈ আৰম্ভ কৰিছে। বহুকেইটা মৰা চৰাইৰ পোৱালীৰ বিচৰণ কৰা দেখিবলৈ পোৱা গৈছে ।
একেদৰে সোণালী বান্দৰ, সৰু প্ৰজাতিৰ মেকক বান্দৰৰজাক এবছৰ ধৰি এই বনাঞ্চলতে বসবাস কৰা আমি দেখিবলৈ পাইছো । তদুপৰি ধনেশ পখীৰ লগতে বনাঞ্চলত পোৱা বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি এই বনাঞ্চলত আহিয়ে থাকে ।
তদুপৰি এই শালবাগানত বহু মূল্যবান ঔষধিযুক্ত গছ গছনি আছে আৰু এতিয়া নতুনকৈ বহু তেনেকুৱা গছৰ পুলি ৰোপন কৰি থকা হৈছে । যিহেতু আমাৰ ওচৰতে থকা বনাঞ্চলক চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ় দিবলৈ গৈ আছে তেনে সময়ত আমাৰ এই শিমলাবাগান গাঁৱৰ এই শালগছ থকা বনাঞ্চলক কেন্দ্ৰ কৰি এটা নতুন পৰ্য্যটনস্থলী হিচাপেও গঢ় দিয়াৰ চিন্তা চৰ্চা আমি কৰি আছো ।
এইক্ষেত্ৰত বিটিচি বা অসম চৰকাৰে আমাক সহায় কৰিব বুলি আমি আশা কৰিছোঁ । বৰগয়াৰীয়ে আৰু কয় যে এই শিমলাবাগান বনগাঁৱত শালগছৰে ভৰি থকা এই বিশেষ বনাঞ্চলত যে বনমাফিয়া কু-দৃষ্টি পৰা নাছিল তেনেকুৱা নহয় !
তাৰ বাবে শিমলাবাগান গাঁৱৰ ৰাইজে ইয়াৰ বিৰুদ্ধে যুজঁ দিব লগা হৈছে । লপেন বৰগয়াৰীয়ে কয়- যেতিয়া ভাৰত-ভূটান সীমান্ত অঞ্চলত অবাধে গছ গছনি কাটি বনধ্বংস কৰি আছিল সেই সময়ত বহু লোকে টকাৰ লোভ দেখুৱাই, গাঁৱৰ একাংশ ৰাইজক বিপথে পৰিচালিত কৰি বিলুপ্ত প্ৰায় এই প্ৰকাণ্ড আকাৰৰ শালগছ কটাৰ ষড়যন্ত্ৰ কৰিছিল।
কিন্তু শিমলাবাগান গাঁৱৰ ৰাইজে সেয়া হবলৈ দিয়া নাছিল। তাৰ মাজতেও নিশা এন্ধাৰৰ সুযোগ লৈ একাংশ দুষ্ট শ্ৰেণীৰ লোকে শালগছৰ গুৰিত ৰাসায়নিক দ্ৰব্য দি গছৰ অকাল মৃত্যু ঘটাই শালগছ কাটিবলৈ আৰম্ভ কৰিছিল। কিন্তু গাঁৱবাসীয়ে সেই ষড়যন্ত্ৰ ফাদিল কৰি শালগছক ৰক্ষা কৰিছিল ।
দুই এটা পৰিয়ালে ৰাইজে সীমা বান্ধি দিয়া অতিক্ৰম কৰি বিশেষ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ঘৰ-দুৱাৰ নিৰ্মাণ কৰিছিল যদিও শিমলাবাগান গাঁৱৰ ৰাইজে সেয়া আলোচনা কৰি পৰিয়াল কেইটাক পুনৰ উলিয়াই দিবলৈ সক্ষম হৈছিল । প্ৰাক্তন এবছু নেতা তথা শিমলাবাগান গাঁৱৰ বাসিন্দা মৃত্যুঞ্জয় বৰগায়াৰীয়ে কয় যে, শিমলাবাগান গাঁৱত কেৱল এটা নিদিষ্ট সীমাৰ ভিতৰতে যে শালগছ আছে তেনেকুৱা নহয়, চাৰিসীমাৰ বাহিৰতো পথৰ দাঁতিত, মানুহৰ বাসগৃহৰ চোতালত প্ৰকাণ্ড আকাৰৰ শালগছ থিও দি থকা দেখিবলৈ পোৱা যায়।
শিমলাবাগান গাঁৱৰ ৰাইজে নিজাববীয়াকৈ বছৰৰ পিছত বছৰ ধৰি সুৰক্ষা প্ৰদান কৰি অহা এই বিলুপ্তপ্ৰায় শালগছৰ বনাঞ্চলটোক অধিক সুৰক্ষা প্ৰদান কৰিবলৈ অসম চৰকাৰ লগতে বিটিচি প্ৰশাসনক চাৰিওদিশে তাঁৰৰ ফেঞ্চিং নাইবা পকী ওৱাল নিৰ্মাণ কৰি দিবলৈ শিমলাবাগান গাঁৱৰ ৰাইজৰ হৈ দাবী উত্থাপন কৰে । বনাঞ্চল তথা পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত শিমলাবাগান বনগাঁৱৰ ৰাইজৰ এই ব্যতিক্ৰমী প্ৰয়াস তথা আদৰ্শনীয় পদক্ষেপক অসম চৰকাৰ তথা বিটিচিৰ বন বিভাগে কিদৰে গ্ৰহণ কৰে বা তেওঁলোকৰ সহায় সহযোগৰ কেনেধৰণৰ ব্যবস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষ্যনীয় হ’ব ।