/asomiyapratidin/media/media_files/2025/11/15/1-2025-11-15-18-27-31.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ডিব্ৰুগড় জিলা আৰক্ষীৰ প্ৰশংসনীয় অভিযানে ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ঢকুৱাখনাবাসীৰ। জিলাখনৰ চাবুৱা আৰক্ষীৰ নিৰন্তৰ তদন্ত প্ৰক্ৰিয়া আৰু অপৰাধী গ্ৰেপ্তাৰ অভিযানৰ ফলত ইটোৰ পাছত সিটো অপৰাধী গ্ৰেপ্তাৰ হোৱাই নহয় উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ ধন।
যোৱা তিনিটা দিন ধৰি চাবুৱা আৰক্ষীয়ে চাবুৱা থানাত পঞ্জীভূত গোচৰ (নং- ৮৯ /২০২৫)ৰ দুজনকৈ আচামীক গ্ৰেপ্তাৰ কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। দিকমৰ এগৰাকী ব্যৱসায়ীৰ পৰা দিন দুপৰতে ডকাইত কৰি ২৬ লাখ টকা লৈ উধাও হৈছিল এটা দল।
এই সন্দৰ্ভত তদন্ত কৰি আৰক্ষী পৰিদৰ্শক মনোৰঞ্জন শইকীয়া আৰু অচি বিতোপন শইকীয়াই ইতিমধ্যে ঢকুৱাখনাৰ দুটা অভিযুক্তক গ্ৰেপ্তাৰ কৰি উদ্ধাৰ কৰিছে ৬ লাখ টকা । শনিবাৰে পুনৰ এই দুই দক্ষ আৰক্ষী বিষয়াই অভিযান চলাই গ্ৰেপ্তাৰ কৰে আৰু এজনক।
ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত কাণ্ডুলিমাৰী গাঁওৰ ৰাজু ছেত্ৰী (৩৭) নামৰ অন্য এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু তেওঁ নিজৰ ঘৰৰ সন্মুখৰ কুকুৰাৰ গৰালৰ এটা কাঠৰ বাকচত লুকুৱাই ৰখা অৱস্থাৰ পৰা উদ্ধাৰ কৰে ৬ লাখ টকা।
চাবুৱা সদৰ থানাৰ অচি বিতোপন গগৈয়ে ছেত্ৰীক গ্ৰেপ্তাৰ কৰি উদ্ধাৰ হোৱা ৬লাখ টকা জব্দ কৰি নিজৰ জিম্মাত লৈছে। উল্লেখযোগ্য যে, এই ডকাইতি ঘটনাৰ স'তে ঢকুৱাখনাৰ ব্যক্তি জড়িত থকাৰ তথ্য চাবুৱা আৰক্ষীয়ে সংগ্ৰহ কৰি তদন্ত অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us