সদনত চূড়ন্ত পৰ্যায়ত মন্ত্ৰী জগত সিং নেগী আৰু জয় ৰাম ঠাকুৰৰ বাকযুদ্ধ

চলি আছে হিমাচল প্ৰদেশ বিধানসভাৰ শীতকালীন অধিবেশন। ২৭ নৱেম্বৰ ২০২৫, বৃহস্পতিবাৰে আছিল শীতকালীন অধিৱেশনৰ দ্বিতীয়টো দিন

author-image
Asomiya Pratidin
New Update
339

ডিজিটেল ডেস্ক : চলি আছে হিমাচল প্ৰদেশ বিধানসভাৰ শীতকালীন অধিবেশন। ২৭ নৱেম্বৰ ২০২৫, বৃহস্পতিবাৰে আছিল শীতকালীন অধিৱেশনৰ দ্বিতীয়টো দিন। 

পিছে এই দিনটোতে সদনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। শাসক- বিৰোধীৰ তৰ্কযুদ্ধত উত্তপ্ত হৈ পৰে শীতকালীন অধিবেশনৰ সদন। বাকযুদ্ধই চূড়ান্ত পৰ্যায় পোৱাৰ পৰিপ্ৰেক্ষিত অধ্যক্ষৰ আসনত থকা কুলদীপ সিঙে আজিৰ সদন স্থগিত ৰাখিবলৈ বাধ্য হয়। 

উল্লেখযোগ্য যে, বিধানসভা চলি থকাৰ মাজতে হিমাচল প্ৰদেশ চৰকাৰৰ ৰাজহ মন্ত্ৰী জগত সিং নেগী আৰু বিৰোধী দলপতি জয় ৰাম ঠাকুৰে তৰ্কযুদ্ধত লিপ্ত হয়। বিৰোধী শিবিৰৰ পৰা উত্থাপন কৰা পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভৰ এক প্ৰশ্ন উত্তৰ দিবলৈ গৈ মন্ত্ৰী নেগীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় জয় ৰাম ঠাকুৰ।

নেগীয়ে জয় ৰাম ঠাকুৰক কটাক্ষ কৰি সদনত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। যাৰ বাবে অধ্যক্ষই আজিৰ সদন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

হিমাচল প্ৰদেশ