ড্ৰাগছেই নহয়, অবাধে বৃদ্ধি পাইছে ভাঙৰ প্ৰচলন...

আৰক্ষীয়ে চলোৱা ড্ৰাগছমুক্ত অসম অভিযানৰ মাজতে দ্ৰুতহাৰত বৃদ্ধি পাইছে গাঞ্জাৰ অবৈধ ব্যৱসায়ৰ লগতে সেৱনকাৰী। কেৱল মহানগৰীয়েই নহয়, ৰাজ্যৰ চুকে-কোণে এতিয়া সুলভ হৈ পৰিছে এই মাৰাত্মক নিচাজাতীয় সামগ্ৰী। ইয়াৰ কৱলত পৰি ধ্বংসৰ দিশে গতি কৰিছে হাজাৰ হাজাৰ যুৱক-যুৱতী।

author-image
Asomiya Pratidin
New Update
245

ডিজিটেল ডেস্ক : ৰাজ্যজুৰি আৰক্ষীয়ে চলোৱা ড্ৰাগছমুক্ত অসম অভিযানৰ মাজতে দ্ৰুতহাৰত বৃদ্ধি পাইছে গাঞ্জাৰ অবৈধ ব্যৱসায়ৰ লগতে সেৱনকাৰী। কেৱল মহানগৰীয়েই নহয়, ৰাজ্যৰ চুকে-কোণে এতিয়া সুলভ হৈ পৰিছে এই মাৰাত্মক নিচাজাতীয় সামগ্ৰী। ইয়াৰ কৱলত পৰি ধ্বংসৰ দিশে গতি কৰিছে হাজাৰ হাজাৰ যুৱক-যুৱতী।

উল্লেখযোগ্য যে, বহিঃৰাজ্যৰ পৰা একাংশ আন্তঃৰাজ্যিক সৰবৰাহকাৰী চক্ৰই ত্ৰিপুৰা, মণিপুৰ আদিৰ পৰা ট্ৰাক তথা বিলাসী বাহনৰ জৰিয়তে অসমলৈ বৃহৎ পৰিমাণৰ গাঞ্জা সৰবৰাহ কৰি আছে। তাৰোপৰি বাহনত গোপন চেম্বাৰ খুলি, চাবোনৰ বাকচ, কণ্টেনাৰ আদিত গাঞ্জা ভৰাই সৰবৰাহ কৰাৰ উদাহৰণ অনেক। 

আৰক্ষীয়ে প্ৰায় প্ৰতিদিনাই কুইণ্টলে কুইণ্টলে গাঞ্জা জব্দ কৰিছে যদিও এই ছিণ্ডিকেট সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ সক্ষম হোৱা নাই আজি পৰ্যন্ত। এই অবাধ ভাং বা গাঞ্জা সৰবৰাহৰ ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া এই চক্ৰৰ সহজ লক্ষ্য হৈ পৰিছে।

অতি কম মূল্যত উপলব্ধ হোৱাৰ বাবে কিশোৰ-কিশোৰীসকল অতি সহজে ইয়াৰ প্ৰতি আকৰ্ষিত হৈছে। একেদৰে আজিকালি ছ’চিয়েল মিডিয়াৰ জৰিয়তেও গাঞ্জাৰ লেনদেন চলি থকাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰ ফলত আৰক্ষীৰ বাবে ইয়াক ধৰা পেলোৱাটো প্ৰত্যাহ্বানজনক হৈ পৰিছে। স্কুল- কলেজৰ ছাত্ৰ- ছাত্ৰীয়ে অবাধে গাঞ্জা সেৱন কৰাৰ ফলত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা। একাংশই নিচা সেৱনৰ ধন গোটাবলৈ চুৰি, ডকাইতি তথা কূটাঘাতমূলক কাৰ্যত লিপ্ত হ’বলৈ কুণ্ঠাবোধ নকৰা হৈছে।

প্ৰণিধানযোগ্য যে, ৰাজ্যৰ আন প্ৰান্তৰ উপৰি খোদ গুৱাহাটীৰ মাজমজিয়া বেলতলা, হাতীগাঁও, পল্টনবজাৰ আদি অতি ব্যস্ত এলেকাসমূহত অবাধে বৃদ্ধি পাইছে গাঞ্জা সেৱনকাৰীৰ সংখ্যা। লক্ষ্যণীয় কথাটো হ’ল যে, আৰক্ষী তথা নিৰাপত্তাৰক্ষীয়ে এই নিচাযুক্ত দ্ৰব্যসমূহ জব্দ কৰাৰ লগতে ক্ষুদ্ৰ ক্ষুদ্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি আহিছে যদিও ইয়াৰ মূল শিপা আজি পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই আৰক্ষী তথা প্ৰশাসনে।

আৰক্ষী