/asomiyapratidin/media/media_files/2025/08/23/147-2025-08-23-19-45-46.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : কৰ্মই হৈছে এজন ব্যক্তিৰ পৰিচয়। কৰ্মৰ আনন্দই ব্যক্তিৰ প্ৰাণ আৰু প্ৰেৰণা। তাতেই বিচাৰি পায় জীয়াই থকাৰ অমল উৎস।
তেনে কিছুমান সৃষ্টিশীল কৰ্মৰ জৰিয়তে জীৱনটোক সম্পূৰ্ণ কৰাৰ হেঁপাহত আত্মোৎসৰ্গ কৰা গহপুৰ সমজিলাৰ হেলেম ৰাজহ চক্ৰৰ ঘাঁহিগাঁৱৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমী, সমাজসেৱক নন্দেশ্বৰ শইকীয়াৰ "অৰণ্যাধিকাৰিক" নামৰ গ্ৰন্থখন শনিবাৰে বিয়লি প্ৰায় ২-০০ বজাত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। নন্দেশ্বৰ শইকীয়াৰ কৃতি আৰু কৃতিত্ব সামৰি প্ৰকাশ পোৱা গ্ৰন্থখন গহপুৰ পৌৰসভাৰ প্ৰেক্ষাগৃহত উন্মোচন কৰে গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাই।
সেই উপলক্ষে অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ তথা টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক চন্দন বৰুৱাই। গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত বিধায়ক উৎপল বৰাই কয় যে এক বৃক্ষ যে দশ পুত্ৰ সম সেই কথা প্ৰমাণ কৰি দেখুৱাবলৈ নন্দেশ্বৰ শইকীয়াই সম্পূৰ্ণ নিজা উদ্যোগত লক্ষাধিক গছপুলি ৰোপণ কৰি যি আদৰ্শ দেখুৱাই আহিছে সেয়া সঁচাকৈয়ে আদৰণীয়।
অসম আন্দোলনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ সেই সময়ত নন্দেশ্বৰ শইকীয়াই লাচিত বৰফুকনৰ প্ৰতীকী অভিনয় কৰি ঘোঁৰাত উঠি গণ সমাবেশলৈ অহাৰ কথাও ভাষণত উল্লেখ কৰি নন্দেশ্বৰ শইকীয়া এগৰাকী জাতীয়তাবাদী ভাবধাৰাৰ ব্যক্তি বুলি বিধায়ক উৎপল বৰাই ভাষণত উল্লেখ কৰে। বিশিষ্ট অতিথিৰ ভাষণত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজাই কয় যে লাখ লাখ গছপুলি ৰোপণ কৰি ভাগৰি নপৰা নন্দেশ্বৰ শইকীয়াই মেইলবজাৰ সংযোগী ঘাঁহিগাঁৱৰ প্ৰৱেশ পথ আৰু শ্ৰীশ্ৰী মা কল্যানী দেৱালয় সংযোগী বৰঙাবাৰীৰ প্ৰৱেশ পথত কেইবালক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰা বিশাল আকাৰৰ পকী তোৰণ দুখনে নন্দেশ্বৰ শইকীয়া প্ৰকৃতাৰ্থত যে এগৰাকী সমাজহিতৈষী ব্যক্তি সেই কথা প্ৰমাণিত কৰিছে।
দৰিদ্ৰ ছাত্র-ছাত্ৰীক নামভৰ্ত্তিৰ কাৰণে আৰ্থিক সাহাৰ্য প্ৰদান কৰা আৰু দুখীয়া-নিচলা লোকৰ প্ৰতি তেওঁ আগবঢ়াই অহা বদান্যতাৰ কথাও ভাষণত উল্লেখ কৰে ড০ অঞ্জন কুমাৰ ওজাই। বেদেতীৰ নেচাৰ্চ বন্যপ্ৰাণৰ সাংগঠনিক সম্পাদক অমৰজ্যোতি ফুকনে আঁত ধৰা সভাখনৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি, সাহিত্যিক বিপিন বৰাই।
সভাখনত সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি ভাষণ প্ৰদান কৰে প্ৰকৃতিপ্ৰেমী নন্দেশ্বৰ শইকীয়াই। নন্দেশ্বৰ শইকীয়াৰ বাল্য বন্ধু কলাবাৰীৰ শৰৎ শইকীয়াই নন্দেশ্বৰ শইকীয়াৰ জীৱন পৰিক্ৰমাৰ ওপৰত চমু আলোকপাত কৰে।
উল্লেখযোগ্য যে-অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও অৰুণাচল প্ৰদেশৰ জিৰ'ত ইতিমধ্যে নন্দেশ্বৰ শইকীয়াই ৰোপণ কৰা গছপুলিৰ সংখ্যাই প্ৰায় এক লাখ চৌব্বিছ হাজাৰ অতিক্ৰম কৰিছে। ২০০৫ চনৰ ১৮ জুলাইৰ পৰা আৰম্ভ কৰা এই গছপুলি ৰোপণৰ কাৰ্য্যসূচী এতিয়াও নিৰলসভাৱে অব্যাহত ৰাখিছে নন্দেশ্বৰ শইকীয়াই।