পৰীক্ষা সম্বন্ধীয় অভিযোগ খণ্ডন গুৱাহাটী বিশ্ববিদ্যালয়ৰ

গুৱাহাটী বিশ্ববিদ্যালয়ে ৰেগুলাৰ আৰু এৰিয়াৰ পাঠ্যক্ৰমৰ ২৫০ৰো অধিক স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা পৰিচালনা কৰে। এই সকলো পাঠক্রমৰ পৰীক্ষা কেৱল এটা মাহৰ ভিতৰত সম্পন্ন কৰাটো বিশ্ববিদ্যালয়ৰ বাবে এক জটিল আৰু প্ৰশাসনিক প্ৰত্যাহ্বান।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-05 at 9.33.48 PM

ডিজিটেল সংবাদ, গুৱাহাটী: শেহতীয়াভাৱে বিভিন্ন বৈদ্যুতিন সংবাদ মাধ্যমত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে উত্থাপিত পৰীক্ষাৰ আগদিনালৈ প্ৰপত্ৰ-পূৰণ প্ৰক্ৰিয়া খোলা ৰখাৰ অভিযোগ গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই শুকুৰবাৰে স্পষ্ট ভাষাত সম্পূৰ্ণভাৱে ভিত্তিহীন বুলি উল্লেখ কৰিছে।

কর্তৃপক্ষই মত প্ৰকাশ কৰি কয় যে প্ৰপত্ৰ-পূৰণ প্ৰক্ৰিয়াৰ সময়সীমা পৰীক্ষাৰ আগদিনা নতুনকৈ খোলা দিয়া হোৱা নাছিল। বৰঞ্চ, যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন কাৰণবশতঃ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰপত্ৰ-পূৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা নাছিল, তেওঁলোকৰ কোনো অসুবিধা নহ’বলৈ সময়সীমা স্বাভাৱিকভাৱে খোলা ৰখা হৈছিল। বিশ্ববিদ্যালয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে বিশ্ববিদ্যালয়ৰ সকলো সিদ্ধান্তই শিক্ষাৰ্থীকেন্দ্ৰিক মনোভাৱেৰে লোৱা হয়, এই সিদ্ধান্ত তাৰ এক অন্যতম নিদৰ্শন। 

উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ে ৰেগুলাৰ আৰু এৰিয়াৰ পাঠ্যক্ৰমৰ ২৫০ৰো অধিক স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা পৰিচালনা কৰে। এই সকলো পাঠক্রমৰ পৰীক্ষা কেৱল এটা মাহৰ ভিতৰত সম্পন্ন কৰাটো বিশ্ববিদ্যালয়ৰ বাবে এক জটিল আৰু প্ৰশাসনিক প্ৰত্যাহ্বান।

তথাপিও ছাত্র ছাত্ৰীসকলৰ সামগ্ৰিক হিত চিন্তা কৰি বিশ্ববিদ্যালয়ে পৰীক্ষাৰ কেলেণ্ডাৰ নতুনকৈ পৰিকল্পনা কৰিছে। বিশ্ববিদ্যালয়ে জনাইছে যে এই পৰিকল্পনাত শৈক্ষিক প্ৰয়োজন আৰু প্ৰশাসনিক বাধা সুসমন্বিত কৰি ৪৫ দিনীয়া পৰীক্ষা সময়সূচী সংক্ষিপ্ত কৰি ৩০ দিনলৈ অনা হৈছে। 

বিশ্ববিদ্যালয়ে উল্লেখ কৰে যে যদিও পাঠদান, শিক্ষণ আৰু মূল্যায়ন পদ্ধতিত পৰীক্ষা এক অবিচ্ছেদ্য অংগ, তথাপিও ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি ইয়াক চূড়ান্ত লক্ষ্য বুলি ভবাতো ভুল। এই নীতিয়ে সামগ্ৰিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে - য’ত পৰ্যাপ্ত যোগাযোগৰ মাধ্যম, পাঠ্যসূচী বাছনি কৰাৰ ক্ষেত্ৰত থকা নমনীয়তা আৰু অধিক পৰিসৰৰ ক্ৰেডিটভিত্তিক পাঠ্যসমূহৰ শৈক্ষিক গভীৰতাক প্ৰাধান্য দিয়া হয়।

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ৰূপায়ণৰ ফলত AEC, VAC, MDC, SEC আদি অন্তৰ্ভুক্তকৰণৰ ফলত পৰীক্ষাযোগ্য পাঠৰ সংখ্যা প্ৰায় দ্বিগুণ হৈছে। পৰীক্ষাৰ পৰিমাণ আৰু সময়সীমা দুয়ো বৃদ্ধি পোৱাৰ এইটো এটা অন্যতম কাৰণ। এই ব্যৱস্থাপনাৰ লগত খাপ খোৱাকৈ বিশ্ববিদ্যালয়ে অধিক সংক্ষিপ্ত, কিন্তু গঠনমূলক আৰু পৰিকল্পিত পৰীক্ষা সময়সূচী প্ৰস্তুত কৰিছে।

এই সকলো দিশ বিবেচনা কৰি বিশ্ববিদ্যালয়ে স্পষ্ট কৰিছে যে পৰীক্ষাৰ সময়সূচী সংশোধন কোনো এটা একক সিদ্ধান্ত নহয় - ই সমগ্ৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ, সংশ্লিষ্ট মহাবিদ্যালয় আৰু সকলোৰে সৈতে আলোচনা আৰু পৰামৰ্শৰ পিছতেই এই সিদ্ধান্ত লোৱা হৈছিল। উচ্চ পৰ্যায়ৰ মূল্যায়ন মানদণ্ড অক্ষুণ্ণ ৰাখি ছাত্ৰসকলক যথেষ্ট সময় আৰু শৈক্ষিক সহায়তা প্ৰদান ইয়াৰ মূল লক্ষ্য। 

উক্ত অভিযোগ নস্যাৎ কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই উল্লেখ কৰে যে, "উত্থাপিত অভিযোগ সম্পূৰ্ণভাৱে নাকচ কৰি ক’ব বিচাৰোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ে সদায় স্বচ্ছ আৰু ছাত্ৰ-মুখী ধাৰণাত কাম কৰে। পৰীক্ষাৰ ফৰ্ম ফিল-আপৰ সময় খোলা ৰখাটো কোনো ত্ৰুটি নহয়, ই সকলো ছাত্ৰ-ছাত্ৰীক সুযোগ প্ৰদানৰ উদ্দেশ্যে লোৱা এক সচেতন পদক্ষেপ। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰিকাঠামোৰ অধীনত আমাৰ লক্ষ্য হ’ল পৰ্যাপ্ত শিক্ষা-ঘণ্টাৰ সহায়ত সামগ্ৰিক শিক্ষাক শক্তিশালী কৰা আৰু সুসংগঠিত মূল্যায়ন প্ৰক্ৰিয়া আগবঢ়োৱা। আমি সকলো সংশ্লিষ্ট মহাবিদ্যালয়ক বিনম্ৰভাবে অনুৰোধ জনাইছোঁ যে পঞ্জীয়ন আৰু পৰীক্ষাৰ  প্ৰক্ৰিয়াসমূহ যেন নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে সম্পন্ন কৰে। সময়মাফিক এই কাৰ্যসমূহ সম্পূৰ্ণ হ’লে ছাত্ৰ-ছাত্ৰীসকলৰ হিতৰ বাবে ফলাফলো সঠিক সময়ত প্ৰকাশ কৰাটো সম্ভৱ হব।”

বিশ্ববিদ্যালয়ে সকলো সংশ্লিষ্ট মহাবিদ্যালয়ৰ কর্তৃপক্ষক স্পষ্টভাৱে অনুৰোধ জনাইছে যে নামভৰ্তি, পঞ্জীয়ন আৰু পৰীক্ষা অনুমোদন সম্পৰ্কিত সকলো প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে সম্পূৰ্ণ কৰে যেন, যাতে পৰীক্ষা নিৰ্ধাৰিত সময়ত সুচাৰুৰূপে পৰিচালিত হ’ব পাৰে আৰু ফলাফলো বিলম্ব নোহোৱাকৈ প্ৰকাশ কৰিব পাৰি।

গুৱাহাটী বিশ্ববিদ্যালয়