বিশ্বনাথ জিলা প্ৰশাসনৰ একতাৰ পদযাত্ৰা...

মহান স্বাধীনতা সংগ্ৰামী, অখণ্ড ভাৰত গঢ়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে জিলাখনত এক বিশাল ‘একতাৰ পদযাত্ৰা’ৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
180

ডিজিটেল সংবাদ, বিশ্বনাথ : লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম-জয়ন্তী উপলক্ষে বিশ্বনাথ জিলাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। মহান স্বাধীনতা সংগ্ৰামী, অখণ্ড ভাৰত গঢ়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে জিলাখনত এক বিশাল ‘একতাৰ পদযাত্ৰা’ৰ আয়োজন কৰা হয়।

পুৱা ৬ বজাত বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পৰা এই একতাৰ পদযাত্ৰা আৰম্ভ হ'য় আৰু নগৰৰ মাজেদি ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি কমলাকান্ত ক্ষেত্ৰত সমাপ্ত হয়৷ এই একতাৰ পদযাত্ৰাত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালি সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱালৰ লগতে বহু গণ্য মান্য ব্যক্তি লগতে অংশগ্ৰহন কৰে। বিশ্বনাথ জৱাহৰ নৱোদয় বিদ্যালয় আৰু বহু কেইখন বিদ্যালয় ছাত্ৰ-ছাত্ৰী। আনহাতে কমলাকান্ত ক্ষেত্ৰত উপস্থিত হোৱা পিচতে এখন সভা আয়োজন কৰা হয়। এই সভাত প্ৰথমে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠান সম্পন্ন হয়।  

বিশ্বনাথ