বিজনীৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ কৰুণ বিয়োগ

অবাধ বনধ্বংসৰ ফলত বনাঞ্চলত খাদ্যৰ অভাৱত এতিয়া বনৰীয়া হাতী ধাৱমান হৈছে জনাঞ্চলত আৰু ফলস্বৰূপ হস্তী-মানুহৰ সংঘাত তীব্ৰ ৰূপ ধাৰণ কৰিছে

author-image
Asomiya Pratidin
New Update
BREAKING NEWS

ডিজিটেল সংবাদ, চিৰাং : অবাধ বনধ্বংসৰ ফলত বনাঞ্চলত খাদ্যৰ অভাৱত এতিয়া বনৰীয়া হাতী ধাৱমান হৈছে জনাঞ্চলত আৰু ফলস্বৰূপ হস্তী-মানুহৰ সংঘাত তীব্ৰ ৰূপ ধাৰণ কৰিছে । চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তবৰ্তী ৩ নং নতুন মাটি গাঁৱত বন্যহস্তী আৰু মানুহৰ সংঘাতৰ ফলত এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যুৰ ঘটনা সংঘটিত হয়।

বন্যহস্তী আৰু মানুহৰ সংঘাত চলিথকা অঞ্চলত বন্যহস্তীৰ আক্ৰমণৰ পৰা নিস্তাৰ পাবলৈ ঘৰৰ চৌদিশে বৈদ্যুতিক তাঁৰ আৰি দিয়ে গৃহস্থই আৰু সেই  বৈদ্যুতিক তাৰৰ সংস্পৰ্শত আহি বহু সময়ত বনৰীয়া হাতীৰ কৰুণ মৃত্যুৰ ঘটনা হয় । স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে কাষৰীয়া সংৰক্ষিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বুধবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই আহি ৩ নং নতুন মাটি গাঁওত প্ৰবেশ কৰিছিল হাতীটো ।

বৃহস্পতিবাৰে পুৱা গাঁওখনত ৰাইজে বৈদ্যুতিক তাঁৰৰ সৈতে লাগি থকা বনৰীয়া হাতীটো মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। জানিব পৰা মতে গাঁৱখনৰ এজন লোকে নিজৰ বাসগৃহত তামোলৰ বাগান বনৰীয়া হাতীৰ পৰা সুৰক্ষাৰ বাবে অবৈধভাৱে চৌদিশে উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰ আৰি ৰাখিছিল।

সেই উচ্চ ক্ষমতাসম্পন্ন সম্পন্ন বৈদ্যুতিক তাঁৰৰ  সংস্পৰ্শ হোৱাৰ ফলতেই মতা হাতীটোৰ কৰুণ মৃত্যু ঘটে। ইপিনে খবৰ লাভ কৰি বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

বন্যহস্তী