তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কৃষ্ণৰ ৫৬ সংখ্যক দৌল উৎসৱৰ সামৰণি পৰিল

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জা শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ পৰিচালনা সমিতিয়ে মন্দিৰ প্ৰাংগনত যোৱা ২ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা শ্ৰী শ্ৰীকৃষ্ণৰ ৫৬ সংখ্যক মিৰ্জা আঞ্চলিক দৌল উৎসৱ বুধবাৰে সন্ধিয়া সফলভাৱে সামৰণি পৰে।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল সংবাদ,মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জা শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ পৰিচালনা সমিতিয়ে মন্দিৰ প্ৰাংগনত যোৱা ২ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা শ্ৰী শ্ৰীকৃষ্ণৰ ৫৬ সংখ্যক মিৰ্জা আঞ্চলিক দৌল উৎসৱ বুধবাৰে সন্ধিয়া সফলভাৱে সামৰণি পৰে। এই দৌল উৎসৱৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা সন্ধিয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সৰলা মজুমদাৰে। 

WhatsApp Image 2026-03-05 at 1.26.00 PM (1)

ইয়াৰ পাছতেশুভ অধিবাস,মাংগলিকঘট স্থাপন, পূজাৰম্ভ,দৌলত ৰাধা কৃষ্ণৰ মূৰ্তি স্থাপন,গৃহ আহোৰণ,মেষদাহ,আতচবাজী প্ৰদৰ্শন আৰু প্ৰসাদ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দ্বিতীয় দিনা পুৱা কৰ্তাৰ বৰণ কৰে ড°নৰেন দাসে। তাৰ পাছতে পূজাৰম্ভ কৰা হয়। দুপৰীয়া পূৰ্ণাহুতি,পুষ্পাঞ্জলি প্ৰদান,বিয়লি ভোগ গ্ৰহণ আৰু অভ্যৰ্থনা। সন্ধিয়া মিৰ্জা বিষ্ণুপুৰ ইউথচৰ সৌজন্যত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত পাৰ্থপ্ৰতিম বৈশ্যয়ে গীত পৰিৱেশন কৰে। 

বুধবাৰে সামৰণি পৰা  শ্ৰী শ্ৰী কৃষ্ণৰ ৫৬ সংখ্যক দৌল উৎসৱৰ তৃতীয় দিনাৰ কাৰ্যসূচীত বিয়লি ২ বজাৰ পৰা গায়ন বায়নসহ ৰাধা গোবিন্দৰ নগৰ ভ্ৰমণ। সন্ধিয়া মণিকূটত ৰাধা গোবিন্দক পুনৰ স্থাপন আৰু বন্তি প্ৰজ্বলন কৰে। এই মিৰ্জা আঞ্চলিক দৌল উৎসৱত ৰাইজৰ লগতে উদ্যোক্তাসকলৰ হৈ সুকুমাৰ দাস মিৰ্জা আঞ্চলিক দৌল উৎসৱ সমিতিৰ সভাপতি,প্ৰদীপ কুমাৰ কাৰ্যকৰী সভাপতি,নীলোৎপল দাস সম্পাদক আৰু শ্ৰীশ্ৰীবিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সুভাষ কুমাৰ মেধিৰ লগতে বহু লোকে সহায়-সহযোগ আগবঢ়াই।

WhatsApp Image 2026-03-05 at 1.26.00 PM

পলাশবাৰী