সফলতাৰে সম্পন্ন তৃতীয় নৰ্থ ইষ্ট ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ...

উত্তৰ-পূৰ্বাঞ্চলৰ ৰোলাৰ স্কেটিং খেলৰ উন্নয়ন আৰু উদীয়মান প্ৰতিভাসমূহক এক মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই প্ৰতিযোগিতাই ব্যাপক সঁহাৰি লাভ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নৰ্থ ইষ্ট স্পৰ্টছ গিল্ডৰ সৌজন্যত ২৫ জানুৱাৰীত সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা খেল চৌহদত এদিনীয়াকৈ তৃতীয় নৰ্থ ইষ্ট ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ আয়োজন কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰোলাৰ স্কেটিং খেলৰ উন্নয়ন আৰু উদীয়মান প্ৰতিভাসমূহক এক মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই প্ৰতিযোগিতাই ব্যাপক সঁহাৰি লাভ কৰে।

WhatsApp Image 2026-01-26 at 11.21.50 AM

এই প্ৰতিযোগিতাত অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ পৰা আগবঢ়ি অহা দুই শতাধিক স্কেটাৰে অংশগ্ৰহণ কৰে। ল'ৰা আৰু ছোৱালীৰ সাতটা ভিন্ন এইজ গ্ৰুপত ইনলাইন আৰু কোৱাড—দুয়োটা শাখাত মুঠ ৬৩টা ৰেচ অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ প্ৰতিটো ইভেণ্টতেই খেলুৱৈসকলে নিজৰ দক্ষতা, গতি আৰু নিয়ন্ত্ৰণৰ চমৎকাৰ প্ৰদৰ্শনেৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইপিনে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলি অহা কেইবাজনো প্ৰতিভাৱান স্কেটাৰৰ অংশগ্ৰহণে প্ৰতিযোগিতাখন অধিক ৰোমাঞ্চকৰ কৰি তোলে। 

WhatsApp Image 2026-01-26 at 11.21.49 AM

বিশেষকৈ কামৰূপ মেট্ৰ, শোণিতপুৰ, গোৱালপাৰা আৰু সৈনিক স্কুলৰ প্ৰতিযোগীসকলে উৎকৃষ্ট প্ৰদৰ্শনেৰে সৰ্বাধিক মেডেল লাভ কৰি ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে। প্ৰতিযোগিতাৰ আৰম্ভণিতে অসমৰ প্ৰখ্যাত ক্ৰিকেটাৰ জাভেদ জামান, প্ৰাক্তন আই পি এচ বিষয়া ভায়লেট বৰুৱা আৰু যুব নেতা অকাৰ্শীষ চলিহাই খেলুৱৈসকল আৰু উপস্থিত দৰ্শকসকলক উদ্দেশ্য কৰি অনুপ্ৰেৰণামূলক ভাষণ আগবঢ়ায়। তেওঁলোকে নিজৰ জীৱনৰ অভিজ্ঞতা আৰু সফলতাৰ কাহিনী বৰ্ণনা কৰি উদীয়মান খেলুৱৈসকলক আগবাঢ়ি যাবলৈ উৎসাহিত কৰে।

WhatsApp Image 2026-01-26 at 11.21.48 AM (2)

উল্লেখ্য যে, প্ৰতিযোগিতাৰ শেষ পৰ্বত জয়ী খেলুৱৈসকলক নগদ ধনৰাশিসহ মেডেল  পুৰস্কাৰে সন্মানিত কৰা হয়।এই  প্ৰতিযোগিতাৰ আৰম্ভণিতেই অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি এক আৱেগিক পৰিৱেশ সৃষ্টি হয়। সামগ্ৰিকভাৱে, তৃতীয় নৰ্থ ইষ্ট ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপে উত্তৰ-পূৰ্বাঞ্চলৰ ৰোলাৰ স্কেটিং খেলৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰাৰ লগতে ভবিষ্যতৰ সম্ভাৱনাময় খেলুৱৈসকলক আগবঢ়াই অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিব বুলি আয়োজক এন ই এচ জিৰ বিষয় ববীয়া সকলে আশা প্ৰকাশ কৰে।

WhatsApp Image 2026-01-26 at 11.21.53 AM

গুৱাহাটী