/asomiyapratidin/media/media_files/2025/08/27/web-ap-1-2-2025-08-27-11-35-15.jpg)
ডিজিটেল ডেস্কঃ বিশ্বব্যাপী হিন্দু সম্প্ৰদায়ৰ মাজত আজিৰে পৰা উদযাপন কৰা হ'ব গণেশ চতুৰ্থী। ভাৰতত মধ্য আৰু পশ্চিম ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, গুজৰাট, ৰাজস্থান, গোৱা আৰু দক্ষিণ ৰাজ্যসমূহৰ ভিতৰত কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, টেলেংগানা, তামিলনাডু, কেৰালা তথা পূৱৰ ৰাজ্যসমূহৰ ভিতৰত পশ্চিমবংগ আৰু উৰিষ্যাত পালন কৰা হৈছে গণেশ চতুৰ্থী।
সমান্তৰালকৈ অসমৰো বিভিন্ন স্থানত বিগত কেবাদিনে গণেশ চতুৰ্থী উদযাপনৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছিল। বিশেষকৈ গুৱাহাটীৰ এখন পূজাই দৃষ্টি আকৰ্ষণ কৰিছে সকলো ভক্তৰ। মহানগৰীৰ অন্তৰ্গত ফটাশিল আমবাৰীত ৪১ ফুট ওখ ভগৱান গণেশৰ মূৰ্তি নিৰ্মাণ কৰি উলিওৱা হৈছে, যিটো উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ওখ গণেশ মূৰ্তি বুলি আয়োজকসকলে দাবী কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/27/assghy01photo7210450_25082025165647_2508f_1756121207_866-2025-08-27-11-59-50.jpg)
ড০ বি আৰ আম্বেদকাৰ যুৱ ক্লাব আৰু তেলেগু এছ’চিয়েশ্যনৰ যৌথ উদ্যোগত ফটাশিল আমবাৰী জিএমচি নিউ কলনীত এইবেলি গণেশ চতুৰ্থীৰ ৪০ বছৰীয়া জয়ন্তী উদযাপনৰ উদ্দেশ্যে ৪১ ফুট উচ্চতাৰ মূৰ্তিটো সাজি উলিয়াইছে আয়োজকসকলে।
লক্ষ্যণীয় যে, পৰিৱেশ অনুকূল পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি মূৰ্তি সজ্জাৰ বাবে প্ৰাকৃতিক ৰং আৰু সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। আয়োজক সমিতিৰ উপদেষ্টা সাম্বা শিৱৰাৱৰ নিৰ্দেশনাত এই অভিলাষী পৰিকল্পনা সম্পূৰ্ণ হৈ উঠিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/27/assghy01photo7210450_25082025165647_2508f_1756121207_714-2025-08-27-12-00-19.jpg)
সমগ্ৰ বিষয়বস্তু সন্দৰ্ভত তেওঁ আমাক কয় যে, গুৱাহাটীৰ মৃণ্ময় শিল্পী সঞ্জীৱ পালৰ নেতৃত্বত প্ৰায় ১০গৰাকী মৃৎশিল্পীয়ে প্ৰায় দুমাহযোৰা প্ৰচেষ্টাৰে মৃণ্ময় মূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে। যোৱা বছৰ আমি ভগৱান গণেশৰ ৩৫ ফুট উচ্চতাৰ মূৰ্তি নিৰ্মাণ কৰিছিলো। এইবাৰৰ পূজাত আমি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনাইছো।\
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/27/23da8ed9-df19-409c-96bd-035883ab98e4-2025-08-27-11-45-04.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, বিগত ৪০ বছৰ ধৰি গণেশ চতুৰ্থী উদযাপন কৰি অহা বি আৰ আম্বেদকাৰ যুৱ ক্লাব আৰু তেলেগু এছ’চিয়েশ্যনৰ, অসমে এইবাৰ মুঠ ১৫ লাখ টকাৰ বাজেটেৰে গণেশ চতুৰ্থীৰ আয়োজন কৰিছে।
তাৰোপৰি, শেহতীয়াকৈ পাকিস্তানৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰা অপাৰেচেন সিন্দূৰক মূল বিষয়বস্তু হিচাপে লৈ আয়োজকে গণেশ চতুৰ্থীৰ মণ্ডপটো নিৰ্মাণ কৰি উলিয়াইছে। ফলস্বৰূপে গণেশ মূৰ্তিৰ উচ্চতা আৰু দেশপ্ৰেমৰ নিদৰ্শন থকা এই পূজাখনে সকলোকে আকৰ্ষণ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/27/assghy01photo7210450_25082025165647_2508f_1756121207_565-2025-08-27-12-00-36.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us