/asomiyapratidin/media/media_files/2025/11/13/1-2025-11-13-19-52-07.jpg)
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ মে' মাহত পাকিস্তানৰ সমৰ্থনত ফেচবুকত পোষ্ট দিয়া বাবে কোকৰাঝাৰ গোসাঁইগাঁৱৰ অধ্যাপক মঃ জয়নাল অবেদিনৰ বিৰুদ্ধে দেশদ্ৰোহীৰ অভিযোগেৰে এফ.আই.আৰ. নং ৬৫/২০২৫ দাখিল হৈছিল। তাৰ পিছতে তেওঁক BNS-ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।
গোসাঁইগাঁও আদালতে জামিন নাকচ কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয় আৰু পাছত সৰ্বোচ্চ ন্যায়ালয়েও তেওঁৰ জামিন আবেদন প্ৰত্যাখ্যান কৰে।বুধবাৰে পুনৰ গোসাঁইগাঁৱৰ অধ্যাপক মঃ জয়নাল অবেদিনক কঠোৰ সমালোচনা ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ।
সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰাৰ লগতে ভাৰতৰ মহিলা আৰু যুৱতীসকলক লৈ অশ্লীল আৰু অপমানসূচক মন্তব্য কৰিছিল অধ্যাপক জয়নাল অবেদিনে। উল্লেখ যে, ন্যায়াধীশ সূৰ্য্য কান্ত আৰু জয়মাল্য বাগচীৰ বেঞ্চে অধ্যাপকজনৰ অন্তৰ্বর্তীকালীন জামিন আবেদন নাকচ কৰে।
বেঞ্চে মন্তব্য কৰে, “তেওঁ বিকৃত মনৰ মানুহ, ইণ্টাৰনেটৰ অপব্যৱহাৰ কৰি সমাজৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে। তেওঁ ‘অধ্যাপক’ শব্দটোক কলঙ্কিত কৰিছে। তেনেকুৱা ব্যক্তি শিক্ষা প্ৰতিষ্ঠানত থকাটো লজ্জাজনক কথা।”
আনহাতে, তেওঁৰ বিৰুদ্ধে আছে ভাৰত-বিৰোধী কাৰ্যকলাপ (Section 152 BNS) আৰু অনলাইনত মহিলাসকলৰ বিষয়ে অপমানজনক মন্তব্য কৰাৰ অভিযোগ। আবেদনকাৰীৰ পক্ষৰ আইনজীবীয়ে আদালতক জনোৱা অনুসৰি , ইতিমধ্যে অধ্যাপকজনে নিজৰ ভুল স্বীকাৰ কৰি আদালতৰ ওচৰত ক্ষমা বিচাৰিছে।
তেওঁ লগতে কয় যে উক্ত ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে চার্জশ্বিট দাখিল হৈছে, কিন্তু গোসাঁইগাঁও আদালতত ছয় মাহ ধৰি কোনো ন্যায়িক কৰ্মচাৰী নিযুক্ত নথকাৰ কাৰণে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আদালতৰ মন্তব্য - "অপৰাধমূলক মনোভাৱ থকা ব্যক্তি”ক সহজে জেলৰ পৰা মুক্তি দিয়া সমাজৰ বাবে বিপজ্জনক হ’ব।"
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us