/asomiyapratidin/media/media_files/2025/12/01/365-2025-12-01-21-39-46.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ কাশিকোত্ৰাৰ বাসিন্দা তথা চিদলী-কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গৌতম ঘোষাল আৰু শ্বেফালী ঘোষালৰ পুত্ৰ তথা উত্তৰাখণ্ড ৰাজ্যৰ দেৰাদুনৰ চৰ্দাৰ ভগৱান সিং বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ প্ৰদ্যুম্ন ঘোষালক চিকিৎসা আৰু ঔষধ বিজ্ঞানৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতাৰ বাবে ২০২৫ চনৰ সন্মানীয় যুৱ বিজ্ঞানী বঁটাৰে সন্মানিত কৰা হয় ।
যোৱা ২০২৫ চনৰ ৩০ নৱেম্বৰ দিনা উত্তৰাখণ্ড চৰকাৰৰ উদ্যোগত আৰু ডেৰাদুনৰ গ্রাফিক ইৰা বিশ্ববিদ্যালয়ত অনুষ্ঠিত উত্তৰাখণ্ড ৰাজ্যিক বিজ্ঞান আৰু প্রযুক্তি সন্মিলন -২০২৫ অধিবেশনৰ কাৰ্য্যসূচীত এই সন্মানীয় বঁটা প্রদান কৰা হয় ৷ অসম তথা বিটিচিৰ চিৰাং জিলা অতিকৈ ক্ষুদ্ৰ অঞ্চল কাশিকোত্ৰাৰ পৰা প্ৰদ্যুম্ন ঘোষালে বহিঃৰাজ্যত উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ গৈ নিজৰ প্ৰতিভাৰ উৎকৰ্ষতা প্ৰদৰ্শন কৰি আহিছে ।
বিগত ২০২২ চনত উত্তৰাখণ্ডৰ হেমৱতী নন্দন বহুগুনা গড়ৱাল কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত স্বৰ্ণ পদক বিজয়ী হৈ বৰ্তমান সময়ত ডেৰাদুনৰ চৰ্দাৰ ভগৱান সিং বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰ হিচাপে গৱেষণা কৰি আছে।
চিৰাং জিলাৰ গ্ৰাম্য পটভূমিৰ পৰা উল্লেখযোগ্য বৈজ্ঞানিক কৃতিত্বলৈ তেওঁৰ উল্লেখযোগ্য যাত্ৰা উচ্চাকাংক্ষী যুৱ গৱেষক সকলৰ বাবে এক প্ৰকৃত প্ৰেৰণা হিচাপে গন্য কৰা হৈছে । চিৰাঙৰ এইজন যুৱ গৱেষক ছাত্ৰজনৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাফল্যৰ বাবে বহু গুণমুগ্ধ আৰু দল সংগঠনৰ পৰা শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us