/asomiyapratidin/media/media_files/2025/09/03/123-2025-09-03-11-38-20.jpg)
ডিজিটেল ডেস্ক : ভাল খবৰ। ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকে ৮ বছৰীয়া সেৱাত ১২ কোটিৰো অধিক গ্ৰাহকক অন-বৰ্ড কৰিছে। কোটি কোটি ডিজিটেল লেনদেন প্ৰক্ৰিয়াকৰণ কৰিছে আৰু সমগ্ৰ দেশতে ড’ৰষ্টেপ বেংকিং সেৱা সক্ষম কৰিছে।
এই সন্দৰ্ভত যোগাযোগ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে আৰম্ভণিৰ পৰাই বেংকটোৱে বিশ্বজুৰি অন্যতম বৃহৎ বিত্তীয় অন্তৰ্ভুক্তিৰ পদক্ষেপ হিচাপে আত্মপ্ৰকাশ কৰিছে। যিয়ে ১.৬৪ লাখতকৈ অধিক ডাকঘৰ আৰু ১.৯০ লাখতকৈ অধিক ডাকঘৰ আৰু জি ডিএছত অতুলনীয় প্ৰসাৰ লাভ কৰিছে।
উল্লেখযোগ্য যে ই ভাৰতৰ সাধাৰণ মানুহৰ বাবে আটাইতকৈ সুলভ আৰু বিশ্বাসযোগ্য বেংক হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে।