/asomiyapratidin/media/media_files/2025/08/14/102-2025-08-14-17-28-57.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ : ইউ এ ইৰ ক্রীড়া ফেডাৰেচন, ইউ এ ইৰ যোগাসন কমিটী আৰু এছিয়ান যোগাসন ক্রীড়া ফেডাৰেচনৰ উদ্যোগত ফুজাইৰাহ চহৰৰ জায়েদ স্পর্ট কমপ্লেক্সত অনুষ্ঠিত হোৱা ষষ্ঠ যোগাসন ক্রীড়া প্রতিযোগিতাত ভাৰতক প্রতিনিধিত্ব কৰি ৰূপৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে শিৱসাগৰৰ কন্যা আৰাধ্যা সৃষ্টি মালাকাৰ ৷ ভাৰত, ছিৰিয়া, বাংলাদেশ, শ্রীলংকা, পেলেষ্টাইন, ইৰাক, পাকিস্তান, ইণ্ডোনেছিয়া, দক্ষিণ কোৰিয়া, চীন, ইৰান, ফিলিপাইনছ, ইউ এ ই, ভিয়েটনাম আদিকে ধৰি ১৬খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা ষষ্ঠ যোগাসন ক্রীড়া প্রতিযোগিতাত অসমৰ যোগাসন ক্রীড়া সন্থাৰ তত্ত্বাৱধানত যোৱা অসমকন্যা আৰাধ্যাই ভাৰতীয় দলক প্রতিনিধিত্ব কৰি ছাব জুনিয়ৰ ছোৱালী শাখাত একক পৰম্পৰাগত যোগাসন ক্রীড়াত অংশগ্রহণ কৰি ৰূপৰ পদক অর্জন কৰে।
আৰাধ্যাৰ সাফল্যৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যখনৰ লগতে তেওঁৰ জন্মস্থান শিৱসাগৰতো উখল-মাখল পৰিৱেশে বিৰাজ কৰে । তদুপৰি ইউ এইৰ ফুজাইবাহ চহৰত ফুজাইৰাহৰ যুৱৰাজ মহামান্য ছেইখ মোহাম্মদ বিন হামাদ আল চৰকীৰ পৃষ্ঠপোষকতাত ৯ আগষ্ট পৰা ১০ আগষ্টলৈ অনুষ্ঠিত হোৱা ষষ্ঠ এছিয়ান যোগাসন ক্রীড়া চেম্পিয়নশ্বিপ ২০২৫ ত ১৬খন দেশে অংশগ্রহণ কৰে যদিও ভাৰতৰ হৈ এইপ্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে অসমৰ কণমানি খেলুৱৈ আৰাধ্যাই ।
ৰূপৰ পদকেৰে উজলি উঠা আৰাধ্যাক শুভেচ্ছাৰে অসমবাসীৰ লগতে শিৱসাগৰবাসীয়েও উপচাই পেলাইছে। শিৱসাগৰৰ কন্যাগৰাকী জ্যেষ্ঠ চিকিৎসক ৰাজমণি মালাকাৰ আৰু উদ্যমী মহিলা প্ৰতীক্ষা হাজৰিকাৰ একমাত্র কন্যা।
ইফালে, ইউএইৰ ফুজাইৰাহ চহৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এছিয়ান যোগাসন ক্ৰীড়া প্রতিযোগিতাত অংশগ্রহণ কৰি আৰাধ্যাই ৰূপৰ পদকেৰে উজলি উঠাত গৃহভূমি শিৱসাগৰত বহু অনুষ্ঠান-প্রতিষ্ঠান, ব্যক্তি বিশেষে কণমানি খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে। ইপিনে, ১৩আগষ্টত ডিব্ৰুগড় এয়াৰপ'ৰ্টত অৱতৰণ কৰাৰ লগে লগে বিমানবন্দৰতে তেওঁক শুভাকাঙ্ক্ষীসকল শুভেচ্ছা জনাই ঢোলে - ডগৰে আদৰি আনে ।
আনহাতে আবলিৰভাগলৈ জন্মস্থান শিৱসাগৰত কণমানিজনী উপস্থিত হোৱাৰ লগে লগে শিৱসাগৰৰ গুৰুকুল বিদ্যামন্দিৰ স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকীক শুভাকাঙ্ক্ষীসকলে আদৰি নি বিদ্যালয় প্ৰাংগণলৈ নাচি-বাগি সদলবলেৰে আদৰি গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।
উল্লেখযোগ্য যে, আৰাধ্যাৰ লগতে তেওঁৰ পিতৃ-মাতৃ আৰু প্ৰশিক্ষক জিন্তু বুঢ়াগোঁহাইৰ অশেষ কষ্ট আৰু ত্যাগে সফলতা লাভ কৰাত উপস্থিত সকলোৱে আনন্দ প্ৰকাশ কৰে ৷ আৰাধ্যাক আৰু বহুদূৰ আগবাঢ়ি যোৱাটো কামনা কৰিছে ৰাইজে ।