/asomiyapratidin/media/media_files/2025/11/12/1-2025-11-12-11-14-12.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্য চৰকাৰে কেতবোৰ চৰ্ত সাপেক্ষে ৰাজ্যত লটাৰি/ উপহাৰ কুপন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে বিভাগীয় এক নিৰ্দেশনা খাৰিজ কৰি ৰাজ্যত লটাৰি অনুষ্ঠিত কৰা, নকৰা সন্দৰ্ভত বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছিল।
এনে নিৰ্দেশৰ পিছতে আজি অসম চৰকাৰৰ বিত্ত বিভাগে কেতবোৰ চৰ্ত সাপেক্ষে ৰাজ্যত লটাৰি, উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰে। নিৰ্দেশনাত বিত্ত বিভাগে উল্লেখ কৰে যে, একমাত্ৰ স্বীকৃত স্থানীয় উৎসৱ যেনে ৰাস মহোৎসৱ, লক্ষ্মী পূজা, দৌল উৎসৱ আদিত জিলা আয়ুক্তই লটাৰি, উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰিবলৈ অনুমতি দিব পাৰিব।
লটাৰি অনুষ্ঠিত কৰাৰ পূৰ্বে সংশ্লিষ্ট জিলাৰ প্ৰত্যেকখন উদ্যোক্তা সমিতিয়ে লিখিত ভাবে জিলা আয়ুক্তৰ পৰা অনুমতি বিচাৰিব লাগিব। এনে আবেদনৰ পিছত আইন শৃংখলাজনিত পৰিস্থিতি আৰু অন্যান্য চৰ্তসমূহ পৰীক্ষা কৰি জিলা আয়ুক্তই লটাৰি অনুষ্ঠিত কৰিবলৈ অনুমতি দিব পাৰিব।
নিৰ্দেশনাত পুনৰ উল্লেখ কৰা অনুসৰি এনে লটাৰি, উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰাৰ বাবদ যাৱতীয় কৰ সংগ্ৰহ কৰাৰ বাবে জিলা আয়ুক্তই কৰ্তৃপক্ষক নিৰ্দেশ দিব লাগিব। একেদৰে, কোনো ব্যক্তি বিশেষ বা চৰকাৰক যাবতীয় কৰ আদায় নিদিয়া সমিতিক লটাৰি অনুষ্ঠিত কৰিবলৈ অনুমতি দিব নোৱাৰিব বুলি নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে।
উল্লেখ্য যে, ৰাজ্যত লটাৰী আৰু জুৱা খেল নিষিদ্ধ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশনাৰ পিছতে বিপদত পৰিছিল লটাৰী কমিটীসমূহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us