বিটিচি লৈ ২৫০ কোটি টকাৰ অনুমোদনৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰিবলগীয়া এম'নিয়া ইউৰিয়া প্ৰকল্পটোৰ বাবে প্ৰয়োজন হ'বলগীয়া ভূমি আবন্টনত আজিৰ কেবিনেটে আৱন্ট জনায়।

author-image
Asomiya Pratidin
New Update
'ৰাজনৈতিক দলৰ প্ৰতিবাদ কৰাটো কাম নহয়'- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

'ৰাজনৈতিক দলৰ প্ৰতিবাদ কৰাটো কাম নহয়'- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ,গুৱাহাটীঃ  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দিছপুৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত অসম মন্ত্ৰী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে। পৰৱৰ্তী সময় এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে উক্ত সিদ্ধান্ত সমূহ জনায়।

ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন পুঁজি গ্রামীণৰ অধীনত ২০২৫-২৬ বিত্তীয় বর্ষত ২৫০ কোটি টকা বড়োলেণ্ড প্রাদেশীয় পৰিষদ (বিটিচি) লৈ মুকলি কৰি দিয়াৰ বাবে ৰাজ্যিক কেবিনেটে আজি অনুমোদন জনায়।

জৈৱ বৈচিত্র্যৰ দিশত থকা অপৰিসীম গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰাৰ ২৭০ হেক্টৰ মাটিকালিৰ কুমৰি বিল আৰু ৩৩৭ হেক্টৰ মাটিকালিৰ ধামাৰ বিলক 'দ্যা আসাম ফৰেষ্ট ৰেগুলেচন, ১৮৯১ৰ ৫ নং অনুচ্ছেদৰ অধীনত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাত আত্মি কেবিনেটে অনুমোদন জনায়।

 'মহিলা টি-২০ দৃষ্টিহীন বিশ্বকাপ' বিজয়ী ভাৰতীয় মহিলা দৃষ্টিহীন ক্রিকেট দলৰ সদস্যা অসমকন্যা ছিমু দাসক ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অধীনত শাৰীৰিক প্রশিক্ষক (ফিজিকেল ইনস্ট্রাক্টৰ) পদত নিযুক্তি দিয়াৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে।

ধেমাজি জিলাৰ কাৰেং চাপৰিত কেন্দ্ৰীয় অর্ধসামাৰিক বাহিনী (চিআৰপিএফ) ৰ এটা নতুন 'গ্রুপ চেণ্টাৰ' নিৰ্মাণৰ অৰ্থে ৬০৭ বিঘা চৰকাৰী মাটি হস্তান্তৰকৰণত আজিৰ কেবিনেটে অনুমোদন জনায়। আজিৰ কেবিনেটে মিছন বসুন্ধৰাৰ অধীনত আজি সৰ্বমুঠ ৩০৮ টা পৰিয়াললৈ ভূমি আবণ্টনত অনুমোদন জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰিবলগীয়া এম'নিয়া ইউৰিয়া প্ৰকল্পটোৰ বাবে প্ৰয়োজন হ'বলগীয়া ভূমি আবন্টনত আজিৰ কেবিনেটে আৱন্ট জনায়।

কেবিনেট অসম কেবিনেট কেবিনেট সিদ্ধান্ত অসম চৰকাৰৰ কেবিনেট