অসমীয়াৰ স্বভিমানক পদাঘাত কৰা জমিয়তৰ নেতা মাদানিক গ্ৰেপ্তাৰৰ দাবী ৰাজ্যিক বিজেপিৰ

ৰাজ্যিক বিজেপিৰ মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে জমিয়তৰ নেতা মেহমুদ মাদানিৰ অসম বিৰোধী মন্তব্যৰ বাবে অতি শীঘ্নে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্রদান কৰিবৰ বাবে অসম আৰক্ষীক দাবী জনায়

author-image
Asomiya Pratidin
New Update
169

ডিজিটেল সংবাদ, গুৱাহাটী : ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে অবৈধ বেদখলকাৰী পূর্ববংগীয় মুছলমান লোকসকলক বনাঞ্চল আৰু চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰাৰ নিৰবিচ্ছিন্ন পদক্ষেপক গাজা আৰু পেলেষ্টাইনৰ ঘটনাৰ লগত সংযোজিত কৰি মেহমুদ মাদানিয়ে অসমীয়াৰ স্বভিমানত আঘাত হানিছে। জমিয়ত উলেমা হিন্দৰ নেতা মেহমুদ মাদানিয়ে অসমৰ সমস্যাক মুছলমানৰ চশমাৰে চাব বিচাৰিছে। 

Advertisment

দেওবাৰে সংবাদ মাধ্যমক সম্বোধিত কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে জমিয়তৰ নেতা মেহমুদ মাদানিৰ অসম বিৰোধী মন্তব্যৰ বাবে অতি শীঘ্নে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্রদান কৰিবৰ বাবে অসম আৰক্ষীক দাবী জনায়। অসমত বর্তমান সকলো ক্ষেত্রতে অচিনাকী প্রব্রজনকাৰী লোকসকলে আগ্রাসন কৰাৰ সকলো প্ৰকাৰৰ প্ৰচেষ্টা চলাইছে। 

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰ চৰকাৰী ভূমি, বনাঞ্চল আদিত এইসকল লোকে দখল কৰি ৰাজ্যখনৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অর্থনৈতিক ক্ষেত্রসমূহত আগ্রাসন কৰি অসমৰ সমাজ জীৱনত ভাবুকিৰ সৃষ্টি কৰিছে। লগতে খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণক ভৱিষ্যতৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিছে বুলি মন্তব্য কৰে। 

তেওঁ আৰু কয়- ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত এই সকল অচিনাকী লোকৰ আগ্রাসনক ৰোধ কৰিবৰ বাবে দৃঢ় পদক্ষেপ হাতত লৈছে। চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰি অচিনাকী লোকসকলক খিলঞ্জীয়াৰ অধ্যুষিত সমষ্টিসমূহৰ পৰা তেওঁলোকৰ নাম কর্তন কৰি খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্রচেষ্টা হাতত লৈছে। 

সাংবাদিক সকলক সম্বোধন কৰি মুখপাত্রগৰাকীয়ে- অচিনাকী প্ৰব্ৰজনকাৰী সকলক সমর্থন কৰা কংগ্ৰেছ, এ আই ইউ ডি এফ, ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ নেতৃত্বত ভৱিষ্যতে কেতিয়াবা অসমত চৰকাৰ গঠন হ'লে মৌলনা আর্চাদ মাদানি আৰু মৌলানা মেহমুদ মাদানি অসম চৰকাৰৰ ৰাজনৈতিক উপদেষ্টা হ'ব আৰু অচিনাকী প্ৰব্ৰজনকাৰী সকলে খিলঞ্জীয়া অসমীয়া হিন্দু, মুছলমান তথা ভাৰতীয়মূলৰ জনসাধাৰণৰ প্ৰভূত্ব নিশেষ কৰিব। 

উল্লেখ্য যে অসমলৈ মাদানি সংস্কৃতি প্রথমতে কংগ্ৰেছে আৰু পৰৱৰ্তী এনআৰচিৰ প্রক্রিয়া চলি থকাৰ সময়ত বাওঁপন্থী বুদ্ধিজীৱী হীৰেণ গোহাঁয়ে আনিছিল বুলি মন্তব্য কৰি মুখপাত্রগৰাকীয়ে কংগ্ৰেছ তথা ইয়াৰ সহযোগী এ আই ইউ ডি এফ, ৰাইজৰ দল আৰু জাতীয় পৰিষদ তথা একাংশ বামপন্থী বুদ্ধিজীৱীক তীব্র সমালোচনা কৰে।

বিজেপি চৰকাৰ অসম বিজেপি বিজেপি