সমগ্ৰ অসমতে ছেমি কণ্ডাক্টৰ প্ৰজেক্টে নিয়োগৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব : পীযুষ হাজৰীকা

কেৱল জাগীৰোড সমষ্টি বুলিয়ে নহয়, সমগ্ৰ অসমতে ছেমি কণ্ডাক্টৰ প্ৰজেক্টে নিয়োগৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব। আমেৰিকা, কানাড়াকে ধৰি বহিঃ ৰাষ্ট্ৰ তথা বহিঃ ৰাজ্যত কামত নিয়োজিত বহু অসমৰ যুৱক যুৱতী ছেমি কণ্ডাক্টৰত কাম কৰিবলৈ অসমলৈ ঘূৰি আহিছে

author-image
Asomiya Pratidin
New Update
285

ডিজিটেল সংবাদ,নগাঁও : কেৱল জাগীৰোড সমষ্টি বুলিয়ে নহয়, সমগ্ৰ অসমতে ছেমি কণ্ডাক্টৰ প্ৰজেক্টে নিয়োগৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব। আমেৰিকা, কানাড়াকে ধৰি বহিঃ ৰাষ্ট্ৰ তথা বহিঃ ৰাজ্যত কামত নিয়োজিত বহু অসমৰ যুৱক যুৱতী ছেমি কণ্ডাক্টৰত কাম কৰিবলৈ অসমলৈ ঘূৰি আহিছে। ই এক শুভ লক্ষণ। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।  

নগাঁৱত হ'বলগীয়া বৃহৎ উচ্ছেদৰ সন্দৰ্ভতো বৃহৎ ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী ভুমি কোনোবাই যদি বেদখল কৰিছে,উচ্ছেদ কৰিমেই। খিলঞ্জীয়াক ৰক্ষা কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। বনভূমি, ভি জি আৰ ভূমি উচ্ছেদ কৰিমেই।

উল্লেখযোগ্য যে চাৰিটা দিন পূৰ্বে নগাঁৱত উপস্থিত হৈ AIUDF প্ৰধান বদৰুদ্দিন আজমলে মন্তব্য কৰিছিলে যে মুছলমানৰ ভোট নোহোৱাকৈ কোনেও নিৰ্বাচনত জয় হ'ব নোৱাৰে। আজমল এই কথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ুজ হাজৰিকাৰ মন্তব্য নিৰ্বাচনত জয় হৈ আমি দেখুৱাইছো হিমন্ত বিশ্ব শৰ্মা কাৰ ভোটত জিকে। এয়া খিলঞ্জীয়া ভোট,অনাগত দিনটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ বিজেপি চৰকাৰ গঠন হ'ব।

উল্লেখ কৰা প্ৰয়োজন যে, শনিবাৰে নগাঁও জিলাৰ নৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৭৭ সংখ্যক সদৌ অসম স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য মন্ত্ৰী পীয়ুজ হাজৰিকাৰ।

পীযুষ হাজৰীকা