শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত চলি থকা সত্ৰীয়া গীত, নৃত্য আৰু খোল বাদনৰ দ্বিতীয় বৰ্ষৰ প্ৰশিক্ষণ আৰম্ভ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান আৰু ইয়াৰ চৌপাশৰ সত্ৰসমূহৰ ৫০০ বছৰীয়া পুৰণি সত্ৰীয়া সংস্কৃতিৰ প্ৰবাহ স্থবিৰ হৈ যোৱাৰ বিপৰীতে পুনৰ গতিশীল কৰি ৰাখিবলৈ প্ৰচেষ্টা হাতত লৈছে শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানে

author-image
Asomiya Pratidin
New Update
355

ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান আৰু ইয়াৰ চৌপাশৰ সত্ৰসমূহৰ ৫০০ বছৰীয়া পুৰণি সত্ৰীয়া সংস্কৃতিৰ প্ৰবাহ স্থবিৰ হৈ যোৱাৰ বিপৰীতে পুনৰ গতিশীল কৰি ৰাখিবলৈ প্ৰচেষ্টা হাতত লৈছে শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানে। শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ তত্বাৱধানত সত্ৰ মণ্ডলী বটদ্ৰৱাৰ দ্বাৰা বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হৈছে গীত, নৃত্য আৰু খোল বাদ্যৰ প্ৰশিক্ষণ।

এই সত্ৰ মণ্ডলী বটদ্ৰৱাৰ দ্বাৰা অনুষ্ঠিত হৈ থকা গীত, নৃত্য আৰু খোল বাদ্যৰ প্ৰশিক্ষণৰ প্ৰথম বৰ্ষ অতিক্ৰম কৰি দ্বিতীয় বৰ্ষৰ প্ৰশিক্ষণ আজিৰে পৰা আৰম্ভ কৰা হয়। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীয়ে নতুন বৰ্ষৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰি "বৰদোৱা থুলৰ গীত নৃত্য আৰু বাদ্যৰ প্ৰাচীন ৰূপটো অতি নান্দনিক।

এই প্ৰাচীন পৰম্পৰা অক্ষুন্ন ৰাখি, সাংস্কৃতিক সম্পদসমূহ জীয়াই ৰখাৰ সংকল্প লৈ ৰঞ্জিত মহন্তই ছাত্ৰ, ছাত্ৰী তথা নতুন প্ৰজন্মক প্ৰশিক্ষণ দি উজ্জ্বীৱিত কৰি আৰম্ভ কৰা বিষয়ক লৈ আমি সুখী হৈছোঁ। উত্তৰোত্তৰ কামনা কৰিলোঁ" বুলি ভাষণ প্ৰদান কৰে।  

WhatsApp Image 2025-11-30 at 5.57.22 PM

সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈ, জ্যেষ্ঠ নাগৰিক, শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ উপসভাপতি দিলীপ দেৱ গোস্বামী, সম্পাদক ইন্দ্ৰমোহন বৰুৱা, নামলগোৱা তৰুণ পাঠক, অৱসৰপ্ৰাপ্ত শিক্ষক যতীন বৰুৱাই অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিলো শুভেচ্ছামূলক মন্তব্য প্ৰদান কৰে। 

শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰি মায়াবিনী ৰাতিৰ বুকুত গীত পৰিবেশনেৰে আৰম্ভ কৰা অনুষ্ঠানটিত প্ৰশিক্ষাৰ্থী সকলে ফলা, চাহিনী, সৰু ধেমালি, বৰধেমালী, ঘোষা ধেমালি আৰু ঘোষা পৰিবেশন কৰে। প্ৰশিক্ষক তথা বিশিষ্ট সত্ৰীয়া শিল্পী ৰঞ্জিত মহন্তই উদেশ্য ব্যখ্যা কৰা সভাখনিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গৱেষণা প্ৰতিষ্ঠানৰ সহকাৰী সম্পাদক তুৱাৰাম বৰুৱাই।

গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত গৱেষণা প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত সভাপতি অতুল মহন্ত, মঞ্জুল কলিতা, মহেন্দ্ৰ বৰুৱা, বৰুৱাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। উল্লেখ্য যে, ১০ বছৰ উৰ্ধৰ সকলো লোকৰ বাবে মুকলি এই প্ৰশিক্ষণ বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে।

শ্ৰীমন্ত শংকৰদেৱ